বালিসত্ৰত ডঃ কেশৱানন্দ দেৱ গোস্বামীৰ ৯২ তম জন্ম দিন উদযাপন আৰু সমাধিক্ষেত্ৰ উন্মোচন

বালিসত্ৰত ডঃ কেশৱানন্দ দেৱ গোস্বামীৰ ৯২ তম জন্ম দিন উদযাপন আৰু সমাধিক্ষেত্ৰ উন্মোচন
 
আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি বটদ্ৰৱাৰ উওৰে অৱস্থিত নৰোৱা বালিসত্ৰ হল প্ৰয়াত বৈষ্ণৱ পণ্ডিত, গবেষক , সত্ৰীয়া সংস্কৃতিৰ সাধক , সংগীতাচাৰ্য ডঃ কেশৱানন্দ দেৱ গোস্বামীৰ জন্মস্থান । শ্ৰীমন্ত ফাউণ্ডেচন, পশ্চিম নগাঁও জিলা সত্ৰমহাসভা , চিহ্ন, ধিং মহাবিদ্যালয়, আৰু নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত নৰোৱা বালিসত্ৰত দিনজোৰা কাৰ্যসূচীৰে শংকৰদেৱ বঁটা প্ৰাপক সংগীতাচাৰ্য ডঃ কেশৱানন্দ দেৱ গোস্বামীৰ ৯২ তম জন্ম দিন উদযাপন কৰা হয় । এই উপলক্ষে পৰিয়ালে মাৰ্বল পাথৰৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা প্ৰয়াত শিল্পী জনৰ সমাধি ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । পুৱা সত্ৰৰ কীৰ্ত্তন ঘৰত নাম প্ৰসংগ কৰাৰ পিছত সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন , পুষ্পাঞ্জলি অৰ্পণ, বৃক্ষ ৰোপন আৰু সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয় । বন্তি প্ৰজ্বলন কৰে প্ৰয়াত গোস্বামী দেৱৰ সহধৰ্মিনী ত্ৰিলোওমা গোস্বামীয়ে এই অনুষ্ঠানত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শ্ৰী মন্ত ফাউণ্ডেচনৰ হৈ ডঃবিমান হাজৰিকা, পশ্চিম নগাঁও জিলা সত্ৰমহাসভাৰ হৈ সম্পাদক মাণিক বৰা , শুকদেৱ গোস্বামী, গোপী মহন্ত , চিহ্নৰ মৃদু মৌচম বৰা , নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন কেওট  সম্পাদক কুশ বৰদলৈৰ লগতে প্ৰয়াত ডঃ কেশৱানন্দ দেৱ গোস্বামীৰ কনিষ্ঠ ভাতৃ ডঃ সাৰদানন্দ দেৱ গোস্বামীৰ উপৰিও পৰিয়ালৰ লোক সকল উপস্থিত আছিল । কভিড কালীন পৰিস্থিতিৰ বাবে এই অনুষ্ঠান সীমিত কৰা হয় । অনুষ্ঠানৰ শেষত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকা দেৱে বালিসত্ৰ পৰিচালনা সমিতিৰ লগতে উপস্থিত অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ কৰ্মকত্তা সকলক আজিৰ দৰে প্ৰতি বছৰে প্ৰয়াত বৈষ্ণৱ পণ্ডিত গৰাকীৰ এই ওপজা দিনটো উদযাপন কৰিবলৈ আহ্বান জনায় ।