বায়ু প্ৰদূষণ ৰোধত বিজুলী- ব্ৰজপাত
আমাৰ চাৰিওফালে বায়ুৰ এটা তৰপে আগুৰি আছে। বায়ু থকাৰ বাবেই আমাৰ পৃথিৱীখনত উদ্ভিদ আৰু প্ৰাণী বসবাসৰ উপযোগী হৈছে। বায়ু এবিধ মিশ্ৰ পদাৰ্থ। কিয়নো বায়ু হৈছে বিভিন্ন গেছৰ এবিধ মিশ্ৰণ।আয়তন হিচাপে বায়ুৰ এই মিশ্ৰণত ৭৮% নাইট্ৰʼজেন আৰু 21% অক্সিজেন গেছ থকাৰ উপৰিও বায়ুত অতি কম পৰিমাণে কাৰ্বন-ডাই-অক্সাইড, আৰ্গন, মিথেন, অʼযন আৰু জলীয় বাষ্পও থাকে। বিভিন্ন কাৰণত বায়ুৰ উপাদানসমূহ ৰ পৰিমাণ হ্ৰাস- বৃদ্ধি হ’লে বা অলাগতীয়াল পদাৰ্থ বায়ুত সোমালে বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়। কেতিয়াবা প্ৰাকৃতিক কাৰণতো বায়ু প্ৰদূষিত হ’ব পাৰে। অৰ্থাৎ আগ্নেয়গিৰী উদ্গীৰণ,বনজুইৰ পৰা ওলোৱা ধোঁৱা আৰু ধূলি আদিয়ে বায়ু প্ৰদূষিত কৰে। মানুহৰ কাম কাজ যেনে- কল-কাৰখানা , শক্তি প্ৰকল্প,যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ইন্ধন হিচাপে পোৰা খৰি,গোবৰৰ পিঠা আদিয়ে বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰে।
যান- বাহনবোৰে কাৰ্বন- মনʼঅক্সাইড , কাৰ্বন ডাই অক্সাইড আৰু ধোঁৱাৰ দৰে প্ৰদূষক অতি বেছি উৎপন্ন কৰে।কাৰ্বন- মনʼঅক্সাইডবোৰ এবিধ বিষাক্ত গেছ।ই তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায়। কিছুমান উদ্যোগৰ পৰা নাইট্ৰʼজেন-ডাইঅক্সাইড আৰু ছালফাৰ-ডাইঅক্সাইড নিৰ্গত হয়। ছালফাৰ-ডাইঅক্সাইড গেছে শ্বাস- প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰাৰ উপৰিও স্থায়ী ভাৱে হাওঁফাওঁৰ ক্ষতি কৰে।
যেতিয়া বিজুলী ঢেৰেকনিৰে সৈতে বতাহ- বৰষুণ হয় সেই সময়ত বায়ু প্ৰবাহ ঊৰ্ধমুখী হয় আৰু পানীৰ কণিকাবোৰ তললৈ নামি আহে। এই ঊৰ্ধমুখী বতাহ আৰু অধোগামী পানীৰ কণিকাৰ দ্ৰুত চলনৰ ফলত উৎপন্ন হোৱা আধানবোৰ দুভাগ হৈ ধনাত্মক আধানবোৰ মেঘৰ ওপৰ ফালে আৰু ঋণাত্মক আধানযুক্ত কণাবোৰ মেঘৰ তলৰ ফালে জমা হয়।ভু- পৃষ্ঠৰ ওচৰতো ধনাত্মক আধান জমা হয়। সাধাৰণ অৱস্থাত বায়ু বিদ্যুতৰ কু-পৰিবাহী যদিও, অতি বেছি পৰিমাণে আধান জমা হ’লে ই বিদ্যুৎ প্ৰবাহক প্ৰতিহত কৰিব নোৱাৰা হয়। অৰ্থাৎ সেই বায়ু বিদ্যুতৰ সুপৰিবাহী হৈ পৰে।ফলত ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত কণাবোৰ লগ লাগি উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি কৰে। এই পৰিঘটনাটোৱে হ’ল আমি দেখা বিজুলী ঢেৰেকনি। এই প্ৰক্ৰিয়াটোকে বিদ্যুৎ- ক্ষৰণ বোলে।
বিদ্যুৎ- ক্ষৰণ প্ৰক্ৰিয়াটো দুচপৰা বা তাতোধিক মেঘৰ মাজত হ’ব পাৰে অথবা মেঘ আৰু ভূপৃষ্ঠৰ মাজতো হ’ব পাৰে। এনেদৰে সৃষ্টি হোৱা বিজুলী য়ে বায়ুমণ্ডল অতিক্ৰম কৰি ভূ-পৃষ্ঠ স্পৰ্শ কৰাকে বজ্ৰপাত পৰা বুলি কোৱা হয়। সৰহসংখ্যক বজ্ৰপাত ভূপৃষ্ঠত নপৰে।আকাশৰ বিজুলী- বজ্ৰপাতে ঊৰ্ধ্ব বায়ুমণ্ডলৰ অʼজʼন স্তৰত প্ৰভাৱ পেলায়। বায়ুমণ্ডলৰ নাইট্ৰʼজেন আৰু অক্সিজেনৰ মিলন ঘটাই মাটিত নাইট্ৰজেন- স্থিৰীকৰণ প্ৰক্ৰিয়া স্ংঘটিত কৰে। বতৰ বিজ্ঞানীসকলে বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ অন্তত কৈছে যে আকাশৰ বিজুলী-বজ্ৰপাত আৰু অৱদৃশ্যমান বিদ্যুৎ ক্ষৰণত কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়। সেই পদাৰ্থবোৰে বায়ুমণ্ডল প্ৰদূষিত কৰা অণুবোৰৰ বিনাশ সাধন কৰে। তেওঁ লোকৰ মতে ব্ৰজপাতৰ ফলত উৎপন্ন হোৱা বহু পৰিমাণৰ হাইড্ৰʼক্সিল আৰু হাইড্ৰʼপেৰʼক্সিল মূলক ৰাসায়নিক পদাৰ্থ দুবিধে বায়ুমণ্ডল প্ৰদূষিত কৰা মিথেন গেছৰ অণুৰ বিযোজন ঘটাই ইয়াক আঁতৰাব পাৰে।
যিয়েই নহওক লাগে আমাৰ কিন্তু বিজুলী ঢেৰেকনি আহিলেই বৰ ভয় লাগে নহয়নে বাৰু! বজ্ৰপাতে জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰিব পাৰে। সেয়ে আমি সাৱধান হোৱা উচিত। অৰ্থাৎ সুৰক্ষিত স্থান বাছি ল’ব লাগে।
বন্দিতা শৰ্মা কন্দলী।
বায়ু প্ৰদূষণ ৰোধত বিজুলী- ব্ৰজপাত — বন্দিতা শৰ্মা কন্দলী।
![pc-justenergy](https://rongilibarta.com/wp-content/uploads/2021/08/AirPollution-1-300x200.jpg)