বাইডেন তুমি বিশ্বাসঘাতকতা কৰিলাঃ হোৱাইট হাউচৰ সন্মুখত আফগানিস্তানৰে সম্পৰ্ক থকা ব্যক্তিসকলৰ এই শ্ল’গানেৰে প্ৰতিবাদ

pc My India News

অনলাইন বাৰ্ত্তাসেৱা – দেওবাৰে কাবুলস্থিতি আফগানিস্তানৰ ৰাষ্ট্ৰপতিভৱন তালিবানৰ হাতত অৰ্পন কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত আফগানিস্তানৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিকে ধৰি দেশখনৰ নেতাসকল দেশ এৰি পলায়ন কৰাৰ পাছতে ৰাষ্ট্ৰপতি ভৱন তালিবানৰ হাতলৈ গৈছে। বাইডেন তুমি বিশ্বাসঘাতকতা কৰিলা। হোৱাইট হাউচৰ সন্মুখত এই শ্ল’গানেৰেই আফগানিস্তানৰে সম্পৰ্ক থকা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইলোকসকলে ইতিমধ্যে তালিবানে দখল কৰা আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে জ’ বাইডেনকেই দোষাৰোপ কৰিছে। সমান্তৰালভাৱে এই লোকসকলে ৰাষ্ট্ৰপতি জ’ বাইডেনক পাকিস্তানক নিষেদ্ধাজ্ঞা কৰিবলৈ দাবী জনাইছে। ইফালে আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কত জ’ বাইডেনে কি মন্তব্য আগবঢ়াব আৰু পৰৱৰ্তী কাৰ্যপন্থা কি হ’ব সেই বিষয়ে হোৱাইট হাউচত বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি জ’ বাইডেনে আফগানিস্তানত অতিৰিক্ত ১০০০ আমেৰিকান সেনা মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে, সুৰক্ষিত স্থানান্তৰ নিশ্চিত কৰিবলৈ ইতিমধ্যে ৬০০০ আমেৰিকান সৈন্য মোতায়েন কৰা হৈছে। মন কৰিবলগীয়া যে আমেৰিকাত বাস কৰা আফগানিস্তানৰ লোকসকলে এই প্ৰতিবাদৰ সময়ত তেওঁলোকৰ বৰ্তমানৰ মানসিক অৱস্থা সুস্থিৰ হৈ থকা নাই বুলি উল্লেখ কৰিছে। তেওঁলোকৰ পৰিয়াল বৰ্তমানেও আফগানিস্তানত আছে। তালিবানে দেশখন দখল কৰাৰ পাছতে এতিয়া তাত মহিলা আৰু শিশুৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। মহিলাসকলৰ বাবে এতিয়া আফগানিস্তান সুৰক্ষিত নহয়। এই লোকসকলে পাকিস্তানে তালিবানক সকলো প্ৰকাৰে সহযোগিতা কৰিছে বুলি উল্লেখ কৰিছে আৰু সেয়ে পাকিস্তানৰ লগত থকা আমেৰিকাৰ সকলো সম্পৰ্ক শেষ কৰিবলৈ আহ্বান জনাইছে।

()