জনতা ভৱনত শোক দিৱস পালন

pc The Jamanbhumi

জনতা ভৱনত শোক দিৱস পালন

অনলাইন বাৰ্ত্তাসেৱা – ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত উদ্‌যাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সংঘটিত হোৱা বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া শিশু আৰু নিৰীহ নাগৰিকৰ পৱিত্ৰ স্মৰণত জনতা ভৱনত শোক দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সচিবালয়ৰ প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শোক দিৱসত আমাৰ দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰখাৰ শপত লোৱাৰ লগতে সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰাৰ সংকল্প লোৱা হয়। এই অনুষ্ঠানত আয়ুক্ত সচিব এম. এছ মনিৱন্নন তথা সচিবালয়ৰ আন আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। একেদৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো অনুষ্ঠিত শোক দিৱসত সঞ্চালক অনুপম চৌধুৰীয়ে বিষয়া-কৰ্মচাৰীসকলৰ মাজত  শপত বাক্য পাঠ কৰোৱায়।