বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহিলাৰ এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয়ৰ ধাৰা অব্যাহত ৰাখি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে ৷শুকুৰবাৰে ডাম্বুলাত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্রহ কৰে। প্রত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাৰ অপেনিং যুটিটোৱে ৮৩ ৰাণৰ অংশীদাৰীত্ব গঢ়ি ভাৰতীয় দলৰ বাবে এক সহজ জয় নিশ্চিত কৰে ৷মন্ধানাই অপৰাজিত ৫৫ ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে আৰু শ্বেফালীয়ে অপৰাজিত ২৬ ৰাণ সংগ্ৰহ কৰি দলক জয়ৰ সোৱাদ দিয়ে ৷ ভাৰতৰ হৈ ৰেণুকা সিং ঠাকুৰ আৰু ৰাধা যাদৱে তিনিটাকৈ উইকেট দখল কৰে ৷ আনহাতে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মায়ো এটাকৈ উইকেট দখল কৰে ৷ শ্ৰীলংকাৰ লগত ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ভাৰতে ৷