বহাগী-জ্যোতিময়ী দেৱী ,গোলাঘাট (মিছামৰা)

pc-printrest

বহাগী ।

উৰুঙা ফাগুনৰ সুৰুঙাই দি
বহাগ তুমি আকৌ আহিলা ।
প্ৰকৃতিক নৱ ৰূপেৰে সজোৱাৰ চলেৰে
কিন্তু এইবাৰ ঢোল পেঁপাৰ মুখৰিত নহ’ল অসমীয়াৰ চৌদিশ ,
মহামাৰীৰ যে এইবাৰ তাণ্ডৱ চলিছে ।
চকুৰ পলকতে নিঃশেষ হ’ল বহাগী
তোমাৰ আদৰৰ সপোন ,
তথাপিও চাৰিবেৰৰ মাজত আবদ্ধ হৈ
তোমাক আদৰিছো মাথোঁ বিষন্নতাৰে ,
পদূলি মুখত ফুলা তগৰ আৰু
কপৌ জোপাই যেন সান্তনা দিছে ,
বহাগীক এইবাৰহে উকা হাতেৰে আদৰিলো ,
অহাবাৰলৈ পুনৰ আহিবা
ন সাজেৰে সাজি
এই সেউজী ধৰালৈ ।

— জ্যোতিময়ী দেৱী ।
গোলাঘাট (মিছামৰা)