দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত লওকঃ দিল্লী উচ্চ ন্যায়ালয়

pc Zee News.jpg

অনলাইন বাৰ্ত্তাসেৱা – দিল্লী উচ্চ ন্যায়ালয়ে চি.বি.এছ.ই.ক পৰীক্ষা বাতিল হোৱাৰ বাবে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰা লোৱা পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ বাবে আঠ সপ্তাহৰ ভিতৰত সিদ্ধান্ত লোৱাৰ নিৰ্দেশ দিয়ে। আবেদনকাৰীয়ে কৈছিল যে পৰীক্ষাৰ মাচুলৰ কমেও কিছু অংশ শিক্ষাৰ্থীসকলক ঘূৰাই দিয়া উচিত। এই আবেদন দাখিল কৰিছে দশম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীৰ মাতৃয়ে।

(UD.)