বলীউডৰ গীতিকাৰ মায়া গোবিন্দৰ ৮২ বছৰ বয়সত মৃত্যু

pc Zee News

বলীউডৰ গীতিকাৰ মায়া গোবিন্দৰ ৮২ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰবীণ গীতিকাৰ মায়া গোবিন্দৰ মুম্বাইত তেওঁৰ বাসগৃহত ৮২ বছৰ বয়সত মৃত্যু হয়। “আজি ৰাতিপুৱা টোপনি গৈ থকা অৱস্থাতে ঘৰতে তেওঁৰ মৃত্যু হৈছিল, তেওঁৰ মগজুত তেজ গোট খাইছিল আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে অন্যান্য স্বাস্থ্যজনিত সমস্যা আছিল,” তেওঁৰ পুত্ৰ অজয়ে কয়। প্ৰবীণ গৰাকীয়ে বিনোদ খান্না অভিনীত “আৰোপ”, হেমা মালিনীৰ “ৰাজিয়া চুলতান” আৰু শ্বাহৰুখ খান অভিনীত “চাহাট”ৰ দৰে বিস্তৃত চলচ্চিত্ৰৰ বাবে গান লিখিছিল।