বনমন্ত্ৰী শুক্লবৈদ্যই উদ্বোধন কৰে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই

pc TNT

অনলাই বাৰ্ত্তাসেৱা – আমাজনখ্যাত দিহিং পাটকাই বনাঞ্চলখনক ২০২১ বৰ্ষত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰাৰ পাছত আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ শুভ উদ্বোধন কৰে। ডিব্ৰুগড়-তিনিচুকীয়া জিলাক সাঙুৰি ২৩৪.২৬ বর্গ কিলোমিটাৰজোৰা বনাঞ্চলেৰে আগুৰা দিহিং পাটকাইত আছে জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ -য’ত ৪০ টা প্ৰজাতিৰ স্তন্যপায়ী প্রাণী, ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্রজাতিৰ পোক পতংগ, ৫২ প্ৰজাতিৰ বনৰীয়া মাছ, ১০৭ প্ৰজাতিৰ অৰণ্য কেৰু আৰু ১৬০ প্ৰজাতিৰ অধিক গছ-গছনিৰ লগতে স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বসতি এই জৈৱ বৈচিত্র্যৰ গৌৰৱ। উদ্বোধনী অনুষ্ঠানৰ পাছতেই মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামচাং অঞ্চল পৰিভ্ৰমণ কৰে। ইয়াৰ পাছতেই জয়পুৰ বন পৰিদৰ্শন বঙলাৰ বাকৰিত এখন মুকলি সভাত অংশগ্ৰহণ কৰে বন মন্ত্ৰীগৰাকীয়ে ৷ এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, বিধায়ক প্রশান্ত ফুকন,চক্ৰধৰ গগৈ, তেৰছ গোৱালা, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক স্বেতংগ মিশ্রা, ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাতে বন মন্ত্ৰীগৰাকীয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ ৰাজপত্ৰ আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাক প্ৰদান কৰে।