বটদ্ৰৱাৰ জাজৰীত তাঁতশাল শিল্পী সকলৰ লগত মত বিনিময় অনুষ্ঠান

বটদ্ৰৱাৰ জাজৰীত তাঁতশাল শিল্পী সকলৰ লগত মত বিনিময় অনুষ্ঠান

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মধ্যবিত্ত পৰিয়ালৰ সঞ্চয়ৰ এটি উৎস হৈছে বোৱা-কটা শিল্প অৰ্থাৎ তাঁতশাল শিল্প।এই তাঁতশাল শিল্পৰ ক্ষেত্ৰত জাজৰীৰ আছে এক সুকীয়া পৰিচয়।দ্বিতীয় শুৱালকুচি বুলিও জনাজাত। অসমৰ বিভিন্ন প্ৰান্তত জাজৰীৰ কাপোৰে সমাদৰ লাভ কৰিছে । বহিঃ ৰাজ্যতো গৈ বহু শিপিনীযে প্ৰশিক্ষণ লৈ আহিছে। সেই তাহানিৰ যুগৰ পৰাই জাজৰীৰ প্ৰত্যুক ঘৰৰ জীয়ৰী বোৱাৰী সকলে তাঁতশালত কাপোৰ বুই পৰিয়ালক আৰ্থিক ক্ষেত্ৰত টনকিয়াল কৰি আহিছে।মহা মানৱ মহাত্মা গান্ধীয়ে কোৱা “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে,, সেই কথাষাৰৰ সত্যতা জাজৰীলৈ গলে এতিয়াও দেখিবলৈ পোৱা যায়।যুগ-যুগ ধৰি চলাই আহা জাজৰীৰ তাঁতশাল শিল্পক কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত ২০ ফেব্ৰুৱাৰী বিয়লি তিনি বজাত তাঁতশাল শিল্পৰ লগত জড়িত শিল্পীসকলৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত জাজৰী মুছলিম গাঁও বোৱা-কটা সমবায় সমিতিৰ সম্পাদিকা নাজিমা বেগম(মেভি)য়ে জাজৰীৰ এই শিল্পৰ পূৰ্বৰ পৰা চলি অহা সুনামৰ কথা কয় আৰু এই শিল্পক কেনেদৰে আৰু আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত শিল্পী সকলক পৰামৰ্শ আগবঢ়ায়।উক্ত অনুষ্ঠানত বিশিষ্ট সমাজ কর্মী আবুল খাইৰ, স্কাউড গাইড প্ৰশিক্ষক চফিকুল হক,জাজৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক হিবজুৰ ৰহমানেও পৰামৰ্শ আগবঢ়ায় শিল্পী সকলক।উদীয়মান যুৱক ইউনুচ আলী আৰু আছাদুৰ ৰহমানে আঁতধৰা অনুষ্ঠানটোত জাজৰী অঞ্চলৰ প্ৰায় দুই শতাধিক তাঁতশালৰ লগত জড়িত শিল্পী উপস্থিত থাকে।