ফাগুন ফাগুন লাগিছে গাত- এছ ইছলাম

Pc Flickr
ফাগুন ফাগুন লাগিছে গাত
                 এছ ইছলাম, শিক্ষক
                 পঃ মইনবৰী,বৰপেটা
কুলিৰ কুউ কুউ মাতে
হৃদয়ত শিহৰণ জাগে
আমে মলিয়ালে
কঠালে পেলালে মুচি
আই বসুমতী ৰজঃস্বলা এৰি
হৈ পৰিল সুচি।
গছে গছে মেলিছে
নতুন নতুন কুহিপাত
ডেকা-গাভৰুৰ উতলা মন
তত নাইকীয়া হৈছে গাত।
ফাগুনীবাই আবিৰ ছটিয়াই
ধৰণীৰ গা ৰাঙলী কৰিছে
প্ৰকৃতিয়ে ফাকুৱা খেলিছে
বসন্ত ৰাণীৰ লগত
শিমলু পলাশৰ ৰঙে
ৰাঙলী হৈছে গোটেই জগত।
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ
মদাৰৰ গন্ধে হৃদয় আমোলমোল
শেৱালিৰ তলত কথা পাতিছে
যুগল প্ৰমিকৰ দলে।
নদীৰ দুয়ো কুল
ফুলিছে কঁহুৱা ফুল
বতাহত হালিছে জালিছে
টুনি-বুলবুলিয়ে উৰুলি মাৰিছে।