ফাগুনৰ প্ৰেম-ৰশ্মি ৰেখা দুৱৰা

ফাগুনৰ প্ৰেম
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
ফাগুন তোক অহাৰ বাতৰি পাই
পলাশ,মদাৰে জনালে সম্ভাষণ।
লঠঙা গছৰ উৰুঙা উৰুঙা লগা
পচোৱাজাকে মৃদু কণ্ঠেৰে
জুৰে বিষাদৰ সুৰ।
বিষাদৰ আঁৰতেই বৈছে আনন্দৰ ৰোল
ফাগুনেই আনিছে প্ৰেমৰ সুৰীয়া আভা,
কোনে কয়?
ফাগুন,তই বিষাদেৰে ভৰপূৰ
ফাগুনতেই হয় মনবোৰ উগুল-থুগুল।
ফাগুনৰ পচোৱাজাকে সিঁচিছে স্নেহৰ সুগন্ধি
লঠঙা গছৰ ডালবোৰেও
পলাশ,মদাৰৰ প্ৰেমত হাবুদাবু
পলাশ,মদাৰে হাঁহি হাঁহি
জোৰকৈ বলা বতাহজাকত সিঁচৰতি হৈ
লঠঙা গছৰ ডালত বহি যাঁচে চুম্বন
হেঁপাহেৰে কৰে আলিঙ্গন।
ফাগুন এতিয়া বসন্তকলৈ আত্মবিভূৰ
কি সাজে শুৱাব বসন্তৰ পৰশ লাগি
তাকেল ব্যস্ত ফাগুন।