ফাগুনৰ পচোৱা- ৰাজলক্ষ্মী বৰঠাকুৰ

pc Bangla Express.in

ফাগুনৰ পচোৱা

ফাগুনৰ পচোৱা জাকে
উদঙাই দিব খোজে
তাইৰ মনৰ গুপুত কথাবোৰ ,
পলাশৰ ৰঙা ৰঙে
মন ফাগুনত সিঁচি দিয়ে ৰঙা ৰঙবোৰ
কমোৱা তুলাৰ দৰে
চঞ্চল হৈ পৰে মন
কৃষ্ণচূড়াৰ পাতে পাতে
বৈ যায় প্রেমৰ বতৰা
ৰিণিকি ৰিণিকি ভাঁহি অহা
বাঁহীৰ মাতত তাইৰ
মনৰ মাজৰ বাঁহীটো
সাৰ পাই উঠে ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট