প্ৰাপ্তিৰ মাহ আঘোণ-কৰবী ভুঞা

Pc The Janambhumi

প্ৰাপ্তিৰ মাহ আঘোণ

“আঘোণৰ কুৱলিয়ে বাট ভেটি কৰিছে আমনি,

একোকে নমনি।

কুৱলি নথকা হ’লে দেখিলোহেতেন বা পতা

সোণবৰণীয়া ধানৰ আঁচলত,” – (কেশৱ মহন্ত)

       কবিৰ কাপেৰে নিগৰিত কবিতাৰ ছন্দ, গীতিকাৰৰ সাধনাত সঞ্জীৱিত সুৰ আৰু কপালৰ কেঁচা ঘামত সাৰুৱা হৈ পৰা সোণ-বৰণীয়া হোৱা পথাৰখনেই আঘোণ মাহৰ চিৰসেউজ প্ৰতিচ্ছবি।

    আঘোণ, অসমীয়া বাৰটা মাহৰ অষ্টমটো মাহ। অসমীয়া জাতিৰ কাৰণে আঘোণ মাহ হৈছে প্ৰাপ্তি আৰু হেঁপাহৰ মাহ। প্ৰতিজন কৃষিজীৱি জনতাৰ কাৰণে আঘোণ হৈছে ব্যস্ততাভৰা মাহ। আঘোণ হৈছে নিচালগা মাহ। আঘোণ মাহ মানেই আমাৰ চকুত প্ৰত্যেক্ষিত হয় ,সোণবৰণীয়া এখন পথাৰ।য’ত লিহিৰি আঙুলিয়ে মুঠিমৰা কেচ-কেচ চিকমিক আৰু কাঁচিবোৰ যেন প্ৰতিযোগিতাতহে নামি পৰে।ওপৰলৈ মূৰ তুলিবলৈ সময় নহয়,কাৰন সকলো ব্যস্ত প্ৰাপ্তিৰ আনন্দত।আঘোণৰ মাদকতা উপভোগ কৰিব পাৰি সহজ-সৰল গাঁৱলীয়া সমাজত। কাৰণ গাঁও-প্ৰধান সমাজখন মূলত: কৃষি প্ৰধান।এই সমাজৰ অধিকাংশ মানুহে আহাৰ,শাঁওন মাহত কপালৰ কেঁচাঘাম মাটিত পেলাই নাঙলৰ ফালেৰে সিৰলু টানি মাটি চহাই শইচ ৰোপন কৰে। সেই বীজ অংকুৰিত হৈ আহিন মাহত গেৰ  কাতি মাহত গাখীৰতি হৈ‌ পৰে।কঙালিৰ মাজেদি বন্তি প্ৰজ্বলিত কৰি শইচৰ পোক-পতংগক ধ্বংস কৰা লগতে লক্ষিমীক পোহৰৰ বাট দেখুৱাই।লাহে লাহে শইচদৰা সোনালী বৰণ ধৰে।

     আঘোণ মানেই ভোগৰ মাহ।ন-ন ধান,যেনে-জহা,বৰা, চকোৱা,মনোহৰ,জলডুবি,বেতগুটি,লাওডুবি,আইজং,শ’লপোনা,পাইজোং, সুৱাগমনি আদি সোণবৰণীয়া ধানেৰে পথাৰ উপছি থাকে।সেই সোণগুটি গাঁওৰ জীয়াৰী,বোৱাৰিহঁতে উল্লাসেৰে কাঁচিৰে কাটি মুঠিলৈ ৰূপান্তৰিত কৰে।সেই মুঠিসমূহ ডাঙৰি ৰূপ লৈ চহা কৃষকে বিৰিয়াৰে কান্ধত লৈ লখিমী আদৰে। আঘোণ  উল্লাসৰ মাহ।পকা ধানৰ মাজত সৰু সৰু আলিত বহি  আঘোণমহীয়া পথাৰত ভৰ দুপৰীয়া পকা ৰবাব টেঙাৰ সোৱাদ,জলফাই টেঙাৰ সোৱাদত জাক দাৱনীৰ হাঁহিবোৰ ৰজনজনাই।নৰাৰ পেঁপাৰ ধ্বনিত ৰাগিলগা শৈশৱে ৰিঙিয়াই মাতে। আঘোণৰ মূখ্য আকৰ্ষণ ন-খোৱা উৎসৱ।ন-ধানেৰে প্ৰথম গাঁৱৰ নামঘৰত ন-প্ৰসাদ দিয়ে ,ইয়াৰ পাছত ন-ধান,ঘৰতে হোৱা ন-পাচলিৰে, পুখুৰীৰ মাছে সকলো মিলি এসাঁজ তৃপ্তিৰে ভাত খাই। আঘোণ সমন্বয়ৰ ধব্বাজাবাহক।

     আঘোণ ৰাগিলগা মাহ।ই চহা জীৱনৰ এক আবেগ,য’ত কে‌চাঁমাটিৰ গোন্ধে মাতাল কৰে।এই আঘোণৰ বোকোছাত উঠিয়েই শীত আহে সংগোপনে।শীতৰ আমেজ অসমীয়া গ্ৰাম্য সমাজত জুহালখনত বাৰুকৈয়ে জমি উঠে।ঘৰৰ সকলো মিলি,ওচৰ চুবুৰীয়া মিলি বিভিন্ন বিষয়ৰ আদ্দা দিয়া মাদকতাই সুকীয়া।এইয়াই আমাৰ প্ৰাণৰ আঘোণ,য’ত প্ৰতি কৃষকৰ হেঁপাহ, প্ৰাপ্তি আৰু জীৱিকাৰ সম্বল।

      আঘোণ মানেই কুঁৱলীৰ আচ্ছাদন।টোপ-টোপ নিয়ৰৰ শব্দত সাৰ পাই উঠে কবিত্বময়ী ভাৱ।জাৰৰ শেতেলীত আঘোণৰ খিলখিলনি। আঘোণ উচ্চাসৰ মাহ,ন-ধানৰ মন মতলীয়া গোন্ধ,নৰা পেঁপাৰ ৰাগি, বিভিন্ন টেঙাৰ সোৱাদত জীৱনদায়িনী শক্তি পাই। আঘোণ হেঁপাহৰ মাহ, জনজীৱনৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰে আঘোণে।

      সময় সলনি হয়, পৰিবৰ্তনৰ অন্য এক ৰূপ উন্নয়ন। পৰিবৰ্তনৰ কৰালগ্ৰাসত আঘোণৰ চিৰসেউজ ছবিখন ম্লান পৰা যেন অনুভৱ হয়, তথাপিও আমাৰ হেঁপাহৰ আঘোণ মাহ প্ৰতিবছৰে আহে প্ৰাপ্তিৰ বতৰা লৈ। প্ৰান্তত কঁও –

    আঘোণ তোমাক জনালোঁ স্বাগতম,আহিনৰ কুৱলিৰ আচ্ছাদন ফালি তুমি আহিবা, জোনাক গলা শেতেলী জুৰাই তুমি প্ৰাপ্তিৰে ভৰাবাহি চহা জনতাৰ প্ৰাণ।

           কৰবী ভুঞা

           মুৰফুলনী বাগান গাঁও গোলাঘাট