প্ৰসংগ: বাধাগ্ৰস্ত সকলৰ আবাস গৃহ-জয়ন্ত শৰ্মা

pc- healthyplace

প্ৰসংগ: বাধাগ্ৰস্ত সকলৰ আবাস গৃহ

অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কিছু ধনাত্মক পৰিবৰ্তন দেখা পাই আমি সাধাৰণ মানুহবোৰে আনন্দিত হোৱাৰ লগতে আশা কৰিবলৈও আৰম্ভ কৰিছো। নিয়োগৰ ক্ষেত্ৰখনত দেখা পোৱা স্বচ্ছতা, চিকিৎসা সেৱা বা আন উন্নয়নমুলক কামবোৰে লাভ কৰা দ্ৰুতগতি উল্লেখযোগ্য। কিন্তু ৰাস্তা পদুলি বা অভাৰব্ৰীজ আদিৰ নিৰ্মাণ  এতিয়াও বহু ক্ষেত্ৰত গুৱাহাটীতেই সীমাবদ্ধ হৈ থকা যেন দেখা যায়। তথাপি কৰ্মসংস্কৃতিৰ পৰিৱেশ এটা গঢ় লৈ উঠা দেখা পাই অনাগত দিনবোৰ কিছু আৱশ্যক হ’ব বুলি নিশ্চয় ভাবিব পাৰোঁ ।   কৰিবলৈ বাকী থকা বহুত কামৰ ভিতৰত এক অত্যন্ত স্পৰ্শকাতৰ আৰু সমানেই গুৰুত্বপূৰ্ণ বিষয় হৈছে মানসিক বা শাৰিৰীক ভাবে জটিল বাধাগ্ৰস্ততা থকা লোকসকলৰ নিৰাপদ আশ্ৰয়। এই লোকসকলৰ ভিতৰত এক বুজন সংখ্যকেটো নিত্য কৰ্ম কৰি নিজকে পৰিস্কাৰ কৰিবলৈও অপাৰগ। ধনী, দুখীয়া, সুস্থ, অসুস্থ সকলো মানুহ যেতিয়া এক সংহত প্ৰণালীবদ্ধ সামাজিক ব্যৱস্থাৰ মাজত নিশ্চিন্ত মনে বাস কৰিব পাৰে তেতিয়াহে আমি উন্নতি কৰিছোঁ বুলি ক’ব পাৰো। আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰে অনেক আঁচনি লোৱা দেখিছো আৰু বহুলাংশে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত সফলো হৈছে ; অন্ততঃ মানুহ লঘোনে থাকিবলগীয়া হোৱা নাই । আমি ভাবো, প্ৰতিখন জিলাত কিমান সংখ্যক মানসিক আৰু জটিল শাৰিৰীক সমস্যা থকা লোক আছে সেইবিষয়ে চৰকাৰী ভাবে এটা সমীক্ষা চলাই এখন তালিকা প্ৰস্তুত কৰক । এই কামটো ব্যয়বহুল বা বিশেষ অসুবিধাজনক নহ’ব বুলি ভাবোঁ কাৰণ চহৰাঞ্চল বা গ্ৰামাঞ্চল য’তেই নহওক, ৱাৰ্ডৰ সদস্য সকলৰ জৰিয়তে ইয়াক সহজেই চিনাক্ত কৰিব পৰা যায় । চিনাক্তকৰণৰ পাছত এই লোকসকলক জটিলতাৰ ভিত্তিত শ্ৰেণী বিভক্ত কৰি যি সকলে অন্ততঃ নিজে নিজক চলাই নিব পাৰে তেওঁলোকক ৰুচি অনুযায়ী সৰু সৰু বৃত্তিমূলক কাম শিকোৱাৰ ব্যৱস্থা কৰি উপাৰ্জনৰ নিশ্চিতি দিয়াটো অত্যন্ত জৰুৰী বুলি ভাবোঁ ।  বৰ্তমানৰ পৰিৱেশত এই মানুহবোৰ বহু সময়ত অনেক সমস্যাৰ মাজত চলি থকা নিজেই দেখিছোঁ । সমৰ্থবান বা সচেষ্ট অভিভাৱক সকল নিজৰ চেষ্টাৰে এই ক্ষেত্ৰত সফল হ’লেও, সংখ্যাটো বৰ সন্তোষজনক নহয় । গতিকে চৰকাৰী ভাবে অতি নিষ্ঠাৰে এই বিষয়টোক এক মিছন হিচাপে গ্ৰহণ কৰিলে ইয়াৰ সুফল যে সুদূৰপ্ৰসাৰী হ’ব সেইটো নিশ্চিত । এতিয়া বাকি থাকিল সেই সকল, যি সকলৰ ক্ষেত্ৰত প্ৰকৃততে কোনো উপায়েই নাথাকে । এনেধৰণৰ  ব্যক্তিসকলৰ অভিভাৱক সকলে প্ৰথমে চিকিৎসা কৰাই সুফল পাব বুলি আশা লৈ আগবাঢ়ি যায় যদিও এটা সময়ত হতাশ হৈ পৰা দেখা যায় । প্ৰথম সন্তানৰ ক্ষেত্ৰত এনেকুৱা সমস্যা থাকিলে দ্বিতীয় সন্তানটোৰ প্ৰতিপালন বা সন্তানটোক দিবলগীয়া মনোযোগৰ ক্ষেত্ৰত নানান অসুবিধা হোৱা দেখা যায় আৰু ফলশ্ৰুতিত বহুসময়ত অনেক দ্বন্দৰো সৃষ্টি হোৱা দেখা যায় । আনহাতে অভিভাৱক সকলৰ বয়স বাঢ়ি অহাৰ লগে লগে এনেধৰণৰ সন্তান সকলৰ ভৱিষ্যতৰ প্ৰশ্নটোও অধিক জটিলতৰ হৈ পৰে । আজিকালি যিহেতু যৌথ পৰিয়ালৰ ব্যৱস্থা প্ৰায় নোহোৱায়ে হৈছে, তেনেস্থলত এই সমস্যাটো দিনক দিনে বেছি ভয়াৱহ হৈ পৰিছে – বিশেষকৈ চহৰ অঞ্চলত । এনেকুৱা ব্যক্তিসকলৰ বাবে নিৰ্ভৰযোগ্য আবাসগৃহ দেশখনত যথেষ্ট সংখ্যক নাই বুলিয়েই জানিব পাৰিছোঁ । ইয়াৰ লগত জড়িত আবেগ অনুভূতিৰ বিষয়টোও নিশ্চয় এৰাই চলিব নোঁৱাৰি কাৰণ নিজ ৰাজ্যৰ বাহিৰত বা অচিনাকি পৰিৱেশ এটাত পৰিয়ালৰ অক্ষম লোক এজনক থৈ অহাটো কিমান বেদনাদায়ক সেইটো ভূক্তভোগীয়েহে বুজি পায়, খাদ্যাভ্যাস, ভাষাৰ ভিন্নতা আদি সমস্যাবোৰ আছেই । গতিকে আমি ভাবোঁ চৰকাৰখনে অগ্ৰাধিকাৰ ভিত্তিত বিষয়টো বিবেচনা কৰি এনে লোকৰ সংখ্যালৈ চাই আৱাসগৃহৰ  ব্যৱস্থা কৰিব আৰু জীৱনৰ গোটেইখিনি সময় যাতে এনে লোকসকলে অকনো কষ্ট নোপোৱাকৈ চিকিৎসা, পৰিচৰ্য্যা ৰ মাজত পাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব । বিষয়টোৰ লগত যিহেতু আইন, চিকিৎসা, প্ৰশাসন আদি বিভিন্ন বিষয় জড়িত হৈ থাকে সেয়ে আবাসগৃহৰ সমগ্ৰ ব্যৱস্থাটো চৰকাৰী হোৱাটো একান্তই বাঞ্ছনীয় । যদি প্ৰয়োজন বুলি ভাবে অভিভাৱক সকলৰ বিত্তিয় অংশীদাৰীত্বৰ বিষয়টোও বিবেচনাৰ বাবে ল’ব পাৰে । ৰাজ্যখনত শিশুগৃহ বা বৃদ্ধ-আৱাস গঢ় লৈ উঠাটো অতি শুভ লক্ষণ কিন্তু এইসকল লোকক জীৱনৰ এচোৱা সময়হে যিহেতু এনে আশ্ৰয়ৰ প্ৰয়োজন আৰু এনে লোকসকলৰ ক্ষেত্ৰত যিহেতু কায়িকভাবে এটা নিৰ্দ্দিষ্ট সীমা পৰ্য্যন্তহে পৰিচৰ্য্যাৰ প্ৰয়োজন হয়, গতিকে বাধাগ্ৰস্তসকলৰ সমস্যাটো এখেতসকলৰ লগত নিমিলে ।  গতিকে এনে ব্যক্তি থকা প্ৰতিটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা, একাত্মতা প্ৰকাশ কৰি ইয়াক অতি জৰূৰী কৰ্ত্তব্য বুলি লৈ  এনে লোকসলৰ বাবে প্ৰয়োজনীয় নিৰাপদ আশ্ৰয়গৃহ নিৰ্মাণ কৰি ৰাজYখনক মানৱীয় দিশত আৰু এখোজ আগলৈ লৈ যাব আৰু এনে কামবোৰত যিহেতু অতি নিষ্ঠাৱান লোকৰ প্ৰয়োজন সেইবাবে অতি সু-সংঘৱদ্ধ  বYৱস্থা এটাৰ জৰিয়তে চৰকাৰখনে কাম কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা কৰিলোঁ ।

জয়ন্ত শৰ্মা