প্ৰবল বিৰোধিতা মাজত সংসদত গৃহীত হʼল গো সুৰক্ষা বিধেয়ক ২০২১

pc-News live Tv

প্ৰবল বিৰোধিতা মাজত সংসদত গৃহীত হʼল গো সুৰক্ষা বিধেয়ক ২০২১

অনলাইন বাৰ্ত্তাসেৱা– সমগ্ৰ দেশতেই ব্যাপক চৰ্চা চলি থকা গো-সুৰক্ষা বিধেয়কখন বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিবেচনাৰ বাবে উত্থাপন কৰে। এই বিধেয়ক খনৰ বিৰুদ্ধে ৭৬টা সংশোধনী প্ৰস্তাৱ বিধানসভাৰ মজিয়াত বিৰোধী পক্ষই অধ্যক্ষৰ ওচৰত দাখিল কৰে। প্ৰতিটো প্ৰস্তাৱৰ বিপৰীতে আলোচনা কৰটো সম্ভৱ নহয় বাবে বিৰোধী পক্ষৰ বিধায়কসকলক প্ৰতিটো সংশোধনীৰ বিপৰীতে নগৈ এককভাৱে নিজৰ বক্তব্য দাঙি ধৰিবলৈ আহ্বান জনায়। আঢ়ৈ ঘণ্টা ধৰি এই বিধেয়কখন সন্দৰ্ভত আলোচনা হয় আৰু শাসক পক্ষই মৌখিক ভোটত বিধেয়কখন গৃহীত কৰে। বিৰোধীয়ে অনা সংশোধনী প্ৰস্তাৱসমূহ চৰকাৰে মানি নোলোৱাৰ বাবে বিৰোধীয়ে সদন ত্যাগ কৰে। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে এতিয়াৰ পৰা গো-সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যত কঠোৰতম ব্যৱস্থা বলৱৎ হʼব। য়াৰদ্বাৰা অসমৰ মাজেৰে পশুধন সৰবৰাহ কৰাটো বন্ধ হব আৰু হিন্দু, শিখ, জৈল বৌদ্ধ আদি বসতিপূৰ্ণ এলেকাত গো-হত্যা বন্ধ হৈ পৰিব। মন্দিৰৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-মাংস বিক্ৰী তথা গ্ৰহণ বন্ধ হৈ পৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীয়ে অনা সংশোধনীৰ প্ৰস্তাৱৰ ওপৰত ভাষণ প্ৰদান কৰি কয় যে মহামানৱ মহাত্মা গান্ধীয়ে গো-মাতা সন্দৰ্ভত বহু বক্তব্য ৰাখি থৈ গৈছে। হিন্দুৱে কিমান ডাঙৰকৈ তিলক পিন্ধিছে তাতকৈ গো-মাতাক কিমান সুৰক্ষা দিছে সেয়াহে হিন্দু ধৰ্মৰ প্ৰধান পৰিচয়ৰূপে মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে। এই বিৰ্তকত মহাত্মা গান্ধীৰ কেইবাখনো গ্ৰন্থত গো-সুৰক্ষা সন্দৰ্ভত উল্লেখ কৰা বক্তব্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তীৰ্ব সমালোচনা কৰে। গো-হত্যা আৰু সৰবৰাহ কঠিন গৈ পৰিলে ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব বুলি কংগ্ৰেছে ৰখা বক্তব্যটো শোভা নাপায়।

 

(R.T)