প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে আমাক জীৱনৰ উশাহ দিছে: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি

Pc NDTV.com

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে আমাক জীৱনৰ উশাহ দিছে: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমেসিংঘে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ দেশক সময়মতে অৰ্থনৈতিক সহায় আগবঢ়াই শ্ৰীলংকাক “এক উশাহ” দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বিক্ৰমেসিংহে সংসদৰ এক আনুষ্ঠানিক বৈঠকত ভাষণ দি এই মন্তব্য কৰে। তেওঁ কয়, “অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টাত আমাৰ নিকটতম চুবুৰীয়া দেশ ভাৰতে আগবঢ়োৱা সহায়ৰ কথা মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰো।” তেওঁ লগতে কয় “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে আমাক এক উশাহ দিছে। মোৰ আৰু নিজৰ জনসাধাৰণৰ হৈ মই প্ৰধানমন্ত্ৰী মোদী, ভাৰত চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”