প্ৰথমবাৰৰ বাবে আই পি এলত একে সময়তে দুখন মেচ

Pc- Twitter

প্ৰথমবাৰৰ বাবে আই পি এলত একে সময়তে দুখন মেচ

অনলাইন বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে আই পি এলৰ ইতিহাসত একে সময়তে দুখন মেচ অনুষ্ঠিত হʼব। বি চি চি আয়ে টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্তিম দুখন লীগ মেচ একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এদিনত দুখন মেচ থাকিলে প্ৰথম মেচখন বিয়লি ৩.৩০ বজাত আৰু দ্বিতীয় মেচখন বিয়লি ৭.৩০ বজাত অনুষ্ঠিত হয়। কিন্তু বি চি চি আইৰ সচিব জয় শ্বাহে এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে যে চলিত প্ৰতিযোগিতাখনৰ ৮ অক্টোবৰত হʼবলগীয়া লীগৰ দুয়োখন মেচ সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হʼব। প্লে অফত স্থান লাভৰ বাবে ৰান ৰেটৰ ভিত্তিত প্ৰথমখন মেচৰ ফলাফল চাই যাতে দ্বিতীয়খন মেচৰ দল লাভান্বিত নহয় তাৰ প্ৰি লক্ষ্য ৰাখিয়েই ৮ অক্টোবৰত হʼবলগীয়া মেচ দুখন সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বʼৰ্ডে। লীগৰ অন্তিম দুখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে দিল্লী কেপিঠেলছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা  আগবঢ়াব।