প্ৰথমখন এদিনীয়াত ভাৰতৰ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ভাৰতে শ্ৰীলংকাক ৬৭ ৰানত পৰাস্ত কৰে৷এই জয়েৰে ভাৰতে তিনিখন মেচৰ শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰে।ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৭৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত মাত্ৰ ৩০৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।ভাৰতৰ হৈ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ৮৭টা বলত ১১৩ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছৰ সহায়ত ৩৭৪ ৰানৰ বৃহত টাৰ্গেট বান্ধি দিবলৈ সক্ষম হয়। কোহলীৰ উপৰি অধিনায়ক ৰোহিত শৰ্মাই ৮৩ আৰু শুভমন গিলে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ অধিনায়ক দাছুন ছানাকাই ১০৮ ৰানৰ দৰ্শনীয় অপৰাজিত ইনিংছ খেলে। ছানাকাৰ বেটৰ পৰা ১২টা চাৰি আৰু তিনিটা ছয় আহে। তদুপৰি অ’পেনাৰ পাথুম নিছাংকাই ৭২ ৰানৰ বৰঙণি আগবঢ়াই।ভাৰতৰ হৈ সৰ্বাধিক উমৰান মালিকে তিনিটা উইকেট দখল কৰে। ইয়াৰ উপৰি মহম্মদ ছিৰাজে দুটা আৰু ছামি, পাণ্ডিয়া আৰু চাহালে এটাকৈ উইকেট লাভ কৰে।