প্ৰত্যাহ্বান – অনামিকা (সংগীতা)কলিতা

এক মিনিটৰ গল্প

প্ৰত্যাহ্বান 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

:মণি উঠ আকৌ ,গা পা ধুই ল !

পৰ্দাখন গুচাই মনোৰমাই খিৰিকী খন মেলি দিলে ।এসোতা চেঁচা বতাহ তাইৰ গালে মুখে স্পৰ্শ কৰিলে । তাই চকু কেইটা মুদি তেনেকৈ কিছু সময় খিৰিকীৰ কাষতে থিয় হৈ থাকিল।

:মা,কি চাই আছা এনেকৈ ?

:মণিৰ মাতত ,মাক মনোৰমা বাস্তৱলৈ ঘুৰি আহিল ।একো নহয় বুলি,তাই জীয়েকক হুইল চেয়াৰখনত বহাই দি গাধোৱা ঠাইলৈ লৈ গ’ল । ক’লে-আজি বেছি দেৰি নকৰিবা ,সোনকালে যাৱ লাগিব !দেউতাৰাই ড্ৰাইভাৰক ফোন কৰিছে,অলপ পিছতে সি আহিব।

:হ’ব বুলি,মণিয়ে মাকক যাৱলৈ দি নিজৰ কাম খিনি তাই নিজে কৰিলে ।গা- ধুই থাকোতে,তাই ভাবিলে তাইৰ দৰে বিশেষ ভাৱে সক্ষম ছোৱালী এজনীৰ কাৰণে মাক দেউতাকে কিমান কষ্ট কৰিব লগা হৈছে ।ওচৰৰ চুবুৰীয়া মানুহৰ কেতিয়াবা তাচ্ছিল্য মন্তব্য শুনিবলগীয়া হৈছে । খোজ কাঢ়িব নোৱাৰা ছোৱালী এজনীৰ লগত ইমান কষ্ট কৰি থাকিব নালাগে ইত্যাদি,মানুহবোৰৰ মনোভাৱ। তথাপিও সেইবোৰ আওকাণ কৰি, মাক দেউতাকে তাইৰ কাৰণে সকলো ত্যাগ কৰিব প্ৰস্তুত আৰু কৰি আহিছে । আজি মাক -দেউতাকৰ আশীৰ্বাদত তাই সাহিত্য একাডেমি বঁটা লাভ কৰিব সক্ষম হৈছে। এনেকৈ ভাবি থাকোতেই, কেতিয়ানো তাইৰ হাতৰ পৰা মগটো সৰি পৰিল তাই গমকে নাপালে । ততাতৈয়াকৈ তাই নিজৰ কাম খিনি কৰি উঠিল। মাক- দেউতাকক তাই সেৱা জনালে।তেওঁ লোকৰো চকুত চকুপানী,এয়া আনন্দৰ অশ্ৰু। চুবুৰীয়া, আত্মীয় মানুহ খিনিও আহিল শুভেচ্ছা দিবলৈ। ঘৰখনত আনন্দৰ বন্যা বৈ গ’ল ।

ইতিমধ্যে গড়ীখনো আহি পালে ।