প্ৰত্যাহাৰ চুক্তি উলংঘন: তালিবান

Pc NDTV.com

প্ৰত্যাহাৰ চুক্তি উলংঘন: তালিবান

ৰঙিলী বাৰ্ত্তাসেৱা-    সপ্তাহান্তত আফগানিস্তানত ড্ৰোন আক্ৰমণত আল-কায়েদা নেতা আয়মান আল-জাৱাহিৰীক হত্যা কৰা বুলি আমেৰিকাই ঘোষণা কৰাৰ পিছত, তালিবানে ইয়াক “আন্তৰ্জাতিক নীতি” আৰু ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ চুক্তিৰ উলংঘন বুলি গৰিহণা দিয়ে। তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিত কৈছিল যে আক্ৰমণটো দেওবাৰে কাবুলত সংঘটিত হৈছিল।