প্ৰতি ,মিছ মূৰ্চনা বেজবৰুৱা! – মাধৱ ঘিমিৰে শর্মা

pc-redit

প্ৰতি ,
মিছ মূৰ্চনা বেজবৰুৱা!
চিনাকী অচিনাকী ছোৱালীজনী কেনে আছা তুমি?
সুউচ্চ পৰ্বতৰ টিলা বগাই
কিম্বা কন্টকময় বৃক্ষৰ বুকুচাত উঠি
হয়তো আনিব নোৱাৰো
তোমাৰ প্ৰিয় কপৌফুল পাহ।
নিজৰাৰ কুলুকুলু যেন শব্দবোৰে
মোৰ হৃদপিণ্ডৰ ধপধপনি বঢ়োৱাটো স্বাভাবিক
অথচ
চিনাকী হোৱাৰ প্ৰাকক্ষণত হৃদয় কোঠালিত
প্ৰেমৰ অনুৰণন হোৱাটো নহয় অস্বাভাবিক।
ৰামধেনুৰ ৰঙেৰে জীৱন সজোৱা
হাজাৰ যুৱকৰ হিয়াত বেহেলা বজোৱা
চিনেমাতকৈ কোনো গুনে কম নোহোৱা হিৰ’ইন
তুমিয়েই নহয় জানো, মিছ বেজবৰুৱা?
কলিয়া ডাৱৰে ঢাকি ৰাখিলেও
ধৰাত বৃষ্টিকণা সৰিবই
উন্মুক্ত হৈ পৰিবা , পোহৰত চিকমিকাবা
নিজৰ অস্তিত্ব ৰাখিবা জিলিকাই
বাধা- বিঘিনিৰ ম্লান পেলাই
তোমাৰ প্ৰেমত এই কবিজন পৰিবই।
✍️মাধৱ ঘিমিৰে শর্মা
বিহপুৰীয়া ,লখিমপুৰ।