প্ৰতিমাৰৰঙাশাড়ী#
********
শৰতৰ আগমনে সকলোৰে মনত আনন্দ জগাই তোলে।এসময়ত এনেকুৱা শৰতৰ শীতল বতাহে মদনক বাৰুকৈ জোকাইছিল। মাজে মাজে শুকুলা ডাৱৰবোৰে লুকা-ভাকু খেলি চকু টিপিয়াই আঁতৰি গৈছিল দূৰ – দিগন্তলৈ । ৰাতিপুৱা শেৱালি ফুলৰ সুবাসে তাৰ মন মতলীয়া কৰিছিল। খৰাহি ভৰাই শেৱালি ফুলবোৰ বুটলি মাকক দিছিল সি । কেতিয়াবা মালা গাঁঠিছিলে, কেতিয়াবা মাকে শেৱালি ফুলৰ বৰ ভাজি দিছিলে। শেৱালি ফুলৰ হেনো বহুত ঔষধি গুণ আছে ।কেতিয়াবা শেৱালি ফুলৰ মালা মদনহঁতনৰ থাপনাৰ কৃষ্ণ গোঁসাইৰ ফটোতো জিলিকিছিল।
পূজালৈ ডেৰমাহমান থকাৰ পৰাই মদনৰ গাত তত নাইকিয়া হৈছিল। ৰঙাজান চাহ বাগিছাৰ পূজা মন্দিৰৰ ওচৰতে সিহঁতৰ ঘৰ। খনিকৰ সকল আহে, মূৰ্তি নিৰ্মাণৰ বাবে । মদনৰ দেউতাকেও খনিকৰসকলৰ লগত হাত উজান দিয়ে। আৰু মদনও ব্যস্ত হৈ পৰিছিল দেউতাকহঁতৰ লগত। এতিয়া অৱশ্যে দেউতাহঁতৰ সেই দিনো নাই, দেউতাকো নাই। দেউতাকৰ লগে লগে মাক’ও গ’লগৈ! দুয়ো এতিয়া তৰা হৈ আকাশত আছে বুলিয়ে ভাবে সি ! কাৰণ শৰত আহিলেই যে তৰাবোৰে মদনক বৰকৈ জোকায়!
দেউতাকৰ পথকে অনুসৰণ কৰি মদন আগুৱাই গৈছিল। এই পথতে সুখ আছে বুলি সি ভাবি লৈছিল। শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা, সেই মাটিৰ শিল্পৰে জীৱন বাটত আগবাঢ়ি যোৱাৰ সংকল্প ল’লে। মাক-দেউতাকৰ অনুপস্থিতিত সি আৰু বায়েক তেনেই অকলশৰীয়া হৈ পৰিল। বায়েকৰ বাহিৰেও তাৰ কামত উৎসাহ জনোৱা, সুখ -দুখৰ ভাগী হৈছিল প্ৰতিমা। সিহঁত দুয়ো একেখন বিদ্যালয়তে পঢ়িছিলে। মদনতকৈ এটা শ্ৰেণী পিছত পঢ়িছিল প্ৰতিমা। সেই সময়ত বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষাত ‘মাটিৰ বস্তু ‘ সাজি হাতৰ কাম জমা দিব লগীয়া হৈছিল। আৰু ছোৱালীবিলাকে হাতেৰে চিলাই কাম দিব লগীয়া হৈছিল। তেতিয়া মদন হৈ পৰিছিলোঁ বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ‘বিশ্বকৰ্মা ‘। সকলোৱে তাক খাটনি ধৰিছিল—-”ঐ মদন, আমাকো সাজি দে না’।” মনতে তাৰ গৰ্ব হৈছিল তেতিয়া! আৰু প্ৰতিমাক খাটনি ধৰিছিল চিলাইৰ কামৰ বাবে। সেইয়া আছিল সিহঁতৰৰ বাল্যকালৰ অপৈণত হাতৰ সৃষ্টিশীলতাৰ অনুশীলন মাথোন ।
বয়সৰ লগে লগে মদনৰ মন স্বাধীন চিন্তাৰে আগবাঢ়ে।সুখ-দুখৰ ভাগ বটোৱাৰা কৰিবলৈ যাত্ৰাপথৰ যাত্ৰী হ’ল–প্ৰতিমা। বিশ্বাসৰ ভেটিতে মৃন্ময় শিল্পক ব্যৱসায়লৈ ৰূপান্তৰ কৰিবৰ বাবে ঘৰৰ ওচৰতে টিনপাতৰ চালি এখন দিলে। প্ৰথম ব্যৱসায়! এজন দক্ষ খনিকৰৰ ওচৰত শৰণ লৈ তাৰৰ মনৰ ভিতৰত খু-দুৱাই থকা শিল্পক জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিলে। তিনিদিন অন্ন মুখত নিদিয়াকৈ মাত্ৰ পানী মুখত দি ব্ৰত পালন কৰিলে। ইতিমধ্যে মূৰ্তি নিৰ্মাণৰ কাৰণে ধানখেৰ, মাটি আদি বস্তুবোৰ যোগাৰ কৰিলে মদনে। খনিকৰৰ লগতে সি নিজেও খেৰেৰে জুমুঠিৰ দৰে বান্ধি বান্ধি দূূৰ্গা, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গনেশ আদিৰ অবয়ব তৈয়াৰ কৰাত লাগিল। এইদৰে প্ৰথমতে অবয়ববোৰ নিৰ্মাণ কৰি শাৰী শাৰীকৈ ফ্ৰেমত থিয় কৰাই সজাই থ’লে। ফৰকাল ৰাতি বেৰৰ জলঙাৰে জোনৰ পোহৰ সোমাই মূৰ্তিবোৰক যেন প্ৰাণৱন্ত কৰি তুলিছিল। ইয়াৰ পিছত সুন্দৰকৈ খচা মাটি মদনৰ আঙুলিৰে ছেও ধৰি উঠিছিল অৱয়ববোৰৰ ওপৰত। প্ৰতিটো অংগ সুন্দৰকৈ ওলাই পৰিছিল। ৰং দিয়াৰ পাছত দেৱীৰ জীৱন্ত ৰূপ চাবলৈ মদন ব্যাকুল হৈ পৰিল। এই কামত প্ৰতিমায়েও সহায় কৰিলে।
বিদ্যালয়ত পঢ়া দিনতে মদন আৰু প্ৰতিমা দুয়ো মাটিৰ বস্তু সাজি বোকাৰে লুতুৰিপুতুৰি হোৱা। লাহে লাহে বোকা মাটিৰ দাগ প্ৰতিমাৰ কণমানি প্ৰাণলৈকে শিপাইছিল। আজি সেই দাগ এজোপা বৃক্ষলৈ ৰূপান্তৰিত হৈছে। সেই মৰমৰ দাগ তাই কাহানিও মচিব নোৱাৰে। তাই একান্তমনে মূৰ্তিৰ চৰণযুগল ৰঞ্জিত কৰে কুমকুমেৰে। লিহিৰি আঙুলিৰ নখত আলতাৰে শোভিত কৰে। কাম কৰি থকাৰ মাজতে মদনে আঁৰ চকুৰে প্ৰতিমালৈ চাই কয়—“দেবীদূৰ্গাক সজাই পৰাই পূজা অৰ্চনা কৰাৰ পিছতে মনৰ দূৰ্গাক ঘৰ সোমোৱাব পাৰিলেহে মনৰ আশা পূৰ্ণ হ’ব।” সি ৰঙা শাৰীৰে তাইক সজাই পৰাই তাৰ হৃদয়ত বহাই চায়, বহুত কথাই ভাবে——!!
কামৰ মাজে মাজে সি ঘৰখনৰ মেৰামতিৰ কামো চলাই থাকিল। খেৰৰ চালিখনৰ ঠাইত টিনপাত কেইচলা মান লগালে। তামোলৰ ঢকোৱাৰে বেৰি থোৱা গাধোৱা ঘৰটোত বাঁহৰ বেৰা দিলে। বায়েকৰ বিয়াৰ কথাও চিন্তা কৰে। সেয়েহে সি দুগুণ উৎসাহেৰে কাম কৰে। প্ৰতিমায়ে প্ৰৱেশিকা পৰীক্ষাৰ দেওনাখন পাৰ হৈ বোৱা-কটা কৰি ঘৰতে এখন কাপোৰৰ দোকান খুলিছে। লাহে লাহে তাই বোৱা কাপোৰৰ সমাদৰো বাঢ়িছে।টাউনৰ পৰা বেছিভাগ মহিলা আহে তাইৰ দোকানৰ পৰা কাপোৰ কিনিবলৈ। তাইৰ উৎসাহ বাঢ়ি যায়। তাই পিটিকি পিটিকি কাপোৰত গুটিফুল, বাবৰি ফুল, লতাফুল বাছে। এইবোৰ চকুৰে মণিব নোৱাৰা বন, কেতিয়াবা তাইৰ চিগাসূতা জোৰা দিওঁতে চকুৰে মণিব নোৱাৰা হয়। মনতে ভাবে ! এই কাম উলামূলা মানুহে কৰিব নোৱাৰে। ধৈৰ্য
লাগিব, আৰু ধৈৰ্য ধৰি ধৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগিব। মদনে কেতিয়াবা কয়–
“হেৰৌ, ফুল বাছি চকুকেইটা বেয়া নকৰিবি”।
তাই তাক ঠাট্টা কৰি কয় —- “বোলো তাঁতত ফুল বাছি কেইজনী কণা হৈছে?”
সেইয়া সিহঁতৰ মান অভিমানৰ চুপতি। তাঁত খন বৈ থাকিলে মদনে বেয়া নাপায়। সি ক’ৰবাত পঢ়ানে, কোনোবা ডাঙৰ মানুহৰ মুখত শুনা জানো! কথাষাৰ তাৰ মনত আছে — “তাঁত-সুত বোৱা ছোৱালী কেতিয়াও চট্বটী বা উঁচিৰিঙাৰ দৰে পাতল হ’ব নোৱাৰে।” সি প্ৰতিমাৰ লগত কথাষাৰ ৰিজাই চালে !
ভাৱ সাগৰত ডুব গৈ থাঁকোতে কেতিয়ানো অস্তগামী সুৰুযৰ শেষৰ কণ পোহৰ আহি তাৰ গালে মুখে পৰিলেহি, সি গমেই নেপালে ।অজান পুলকত তাৰ মনটো আনন্দত নাচি উঠিল ।
যোৱাবাৰ পূজাত মদনৰ ব্যৱহায়ত যথেষ্ট লাভ হ’ল। ‘ধৈৰ্যৰ ফল সদায় মিঠা’ কথাষাৰ সি প্ৰতিপন্ন কৰিলে। সি প্ৰতিমাক পূজা চাবলৈ লগ ধৰিলে। তাই প্ৰথমতে অমান্তি হৈছিল, কাৰণ এতিয়ালৈকে দুয়ো সামাজিক বান্ধোনত বান্ধ খোৱা নাই। কিন্তু মদনৰ এৰাব নোৱাৰা কথাত মান্তি হৈ দুয়ো পূজা চাবলৈ গ’ল। পূজা মণ্ডপবোৰৰ ৰং -বিৰঙী লাইটৰ পোহৰে চকু চাট মাৰি ধৰিছিল । সি সৰুতে মাকৰ হাতত ধৰি পূজা চাবলৈ আহিছিল। দূৰ্গাদেৱীয়ে মহিষাসুৰক বধ কৰা অস্ত্ৰপাত সি কিতাপত দেখা কাটাচামুচ পাতৰ লগত তুলনা কৰিছিল।মনতে ভাবিছিল—- “এইপাত কম মহাশক্তিশালী অস্ত্ৰনে ?” আজিও সি অস্ত্ৰপাত সাজি থাকোঁতে ভাবে —- এইপাত অস্ত্ৰৰে সমাজত বৰ্তমানেও থকা মহিষাসুৰ সদৃশ আক্ৰমনকাৰীক পৰাভূত কৰিব পৰাহেঁতেন!”
এইদৰে সুখ-দুখৰ ভাৰখন পিঠিত কঢ়িয়াই তাৰ জীৱনৰ খলা-বমা বোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিলে ।
আহিনৰ দূৰ্গা পূজা হৈ যোৱাৰ পিছতে আঘোণত বায়েকক বিয়া দি সি পিতৃৰ দায়িত্ব পালন কৰিলে। হাতত থকা সাঁচতীয়া টকাকেইটা খৰচ হোৱাত সি পুনৰ উদ্যমেৰে কামত লাগিল। লাহে লাহে নিজৰ বিয়াৰ বাবে সাজু হ’ল। মাকৰ পুৰণা বাকচটোতে সি বিয়াৰ বাবে এপদ – দুপদকৈ বস্তু গোটোৱাৰ কথা ভাবিলে। বিশেষকৈ “ৰঙা শাৰী এখন”। কোনোবা এদিন কথা প্ৰসংগত প্ৰতিমাৰ মুখত ধৰা পৰিছিল — “কিমাননো আৰু বোৱা কাপোৰ বোৰ পিন্ধিম!” সেই কথাষাৰ তাৰ কাণত বাজি থাকে ।
দিন গ’ল ,বছৰে মোট সলালে, মদনৰ বাকচটোত তাৰ আশাবোৰে গজালি মেলিবলৈ ধৰোতেই সমগ্ৰ বিশ্বতে প্ৰাদূৰ্ভাৱ ঘটা মহামাৰী কৰ’নাই জনসাধাৰণৰ জীৱন জীৱিকালৈ তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিলে। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানবোৰ দীৰ্ঘ দিন বন্ধ হৈ পৰাত মদনৰ জীৱনলৈও নামি আহিল তীব্ৰ প্ৰত্যাহ্বান।একমাত্ৰ উৎপাদনক্ষম উদ্যোগটোও বন্ধ হোৱাত জীয়াই থকাৰ তাড়নাত আগতীয়াকৈ অৰ্ডাৰ লোৱা সঞ্চিত ধনকেইটাও খৰচ কৰিবলৈ বাধ্য হ’ল। ইফালে প্ৰতিমাৰো একে অৱস্থা। কাপোৰ কিনাৰ গ্ৰাহক কমি আহিল। তাইৰ দোকানৰো মৃতপ্ৰায় অৱস্থা হ’লগৈ।লাহে লাহে তাই যে ককায়েক নবৌয়েকৰ বোজা হৈ পৰিছে। সেই কথা তাই ভালকৈয়ে বুজি উঠিল।তাইৰ এতিয়া একমাত্ৰ ভৰসাৰ থল হ’ল মদন। দেশৰ অৱস্থা সুস্থিৰ হ’ব বুলি ভাবি থাকোঁতেই পুণৰ শৰৎ আহিল, কঁহুৱা ফুলিল, শেৱালিৰ সুবাসে চাৰিওপিনে সুৰভি বিলালে। নিৰ্মল আকাশত জোনবাইজনীয়ে তালৈ চাই কিহৰ ইংগিত দিলে—-! তাৰ ভয় হ’ল ! পূজালৈ মাথো এমাহ বাকী , সিহঁতৰ বাগানৰ পূজা ভাগৰ মূৰ্তিৰ কাৰণে তাক আগতীয়াকৈ ১৫ হাজাৰ টকা দিছিলে। সি মনতে ভাবিলে, পূজাৰ সম্পাদক বৰা ছাৰ নাহিলেই সি যেন ৰক্ষা পৰে! এইবোৰ কথাকে মনৰ ভিতৰত পাগুলি থাকোঁতেই বৰা ছাৰে মাত দিলে—-“বোলো মদন, ৰাইজে এইবাৰ উলহ -মালহেৰে পূজা নেপাতে , যদিও প্ৰতিমাখন নিৰ্মাণ কৰি দিবি। পা-পইচা দিয়াই আছে নহয় ? আগতীয়াকৈ তোক জনাই থলোঁ।” সি লাহেকৈ “হয়” বুলি শলাগিলে। অনাহাৰে অনিদ্ৰাৰে সি মূৰ্তি নিৰ্মাণ কৰি ৰ’দত শুকাবলৈ দিলে।এইবোৰ কামৰ মাজতে মদনে বেলেগ কাম এটা যোগাৰ কৰিব পাৰে নেকি চালে। ভাবিলে, প্ৰতিমাক যি ধৰনে ঘৰ সোমোৱাম বুলি ভাবিছিলে সেই আশা মৰহি গৈছে! হ’লেও দেৱীৰ আৰ্শীবাদ লৈ সি তাইক ঘৰ সোমোৱাম বুলি মনস্থ কৰিলে। পূজালৈ মাত্ৰ তিনিদিন বাকী। মূৰ্তিৰ শাৰী আৰু কিছু বস্তু যোগাৰ কৰিবলৈ আছে।কিন্তু মদনৰ হাত তেনেই খালী। সি বহুত ভাবি বাকচটো উলিয়াই আনিলে। বাকচৰ ভিতৰৰ আভৰনে দূৰ্গাপ্ৰতিমা সজাই পেলালে। পূজাৰ দিনা পূজা মণ্ডপত সি নিৰ্মাণ কৰা প্ৰতিমাখন চালে চকুৰোৱা হৈছে। শাৰীত লাগি থকা চুমকীবোৰে লাইটৰ পোহৰত জিলিকি আকাশৰ তৰাকো চেৰ পেলাই জিক্মিকাই থাকিল। মদনে পূজা কমিটিৰ সম্পাদকক এটাই অনুৰোধ কৰিলে। সম্পাদকে মদনৰ চকুত চকুলো দেখি হব বুলি ক’লে।
সময়ত প্ৰতিমা বিসৰ্জন দিবলৈ মদনো গ’ল। নদীৰ পাৰত শাৰী শাৰীকৈ প্ৰতিমা অনা গাড়ী বোৰৰ লাইনত ৰ’লগৈ। প্ৰসাশনে নিয়ম বান্ধি দিলে। প্ৰতিমাৰ অকল মাটিৰ অবয়ৱটোহে উটুৱাব পাৰিব। ঢাক,ঢোলৰ মাতত কাৰো মাত ক’তো নুশুনা পৰিবেশ।তেনেতে ৰঙাজান পূজা কমিটিৰ নাম মতাত মদনৰ হাত ভৰি কঁপিবলৈ ধৰিলে। সি প্ৰতিমাৰ চৰণযুগলত সেৱা কৰি উচৰ্গা কৰা সেন্দুৰৰ টেমাটো লৈ প্ৰতিমাৰ আভৰণ, শাড়ীখনৰ মেৰবোৰ খুলি তাৰ মোনটোত ভৰালে । প্ৰতিমা বিসৰ্জন দি কোবাকোবিকৈ সিহঁতৰ গাঁৱৰ মন্দিৰটোলৈ বুলি খোজ ল’লে । ইমান সময়ে কিজানি প্ৰতিমাই তালৈ অপেক্ষা কৰি আছে !! সি তাৰ খোজৰ গতি বঢ়াই দিলে——–!! ======= সমাপ্ত ======== ✒️মেঘালী দেবী