এক মিনিটৰ গল্প
প্ৰতাৰণা
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
মানুহ জীৱশ্ৰেষ্ঠ নিজৰ মস্তিস্কৰে গোটেই বিশ্ব জয় কৰিব পাৰে বা কৰিছে কিন্তু কিছুমান দৃশ্য দেখিলে অনুভৱ হয় সকলো জীৱজন্তুতকৈও মানুহ যেন তলৰ খাপৰ প্ৰাণী ।
ব্যস্ততাপূৰ্ণ চহৰখনৰ এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী তেখেত লগতে মহিলা সমিটি মেল মিটিং সকলো সামাজিক কামত জড়িত বুলি, চহৰখনত তেওঁৰ বিশেষ স্থান আছে । সেই মহিলা গৰাকীক শিশু সমাৰোহ এখনৰ মিটিঙত ভাষণ দিবলৈ নিমন্ত্ৰিত হ’ল যথা সময়ত মহিলা জনীয়ে ঘৰৰ( ডাইভাৰ)গাড়ী চালক জনক লগত লৈ মিটিং অভিমুখে ৰাওঁনা হ’ল । ৰাষ্টাৰে গৈ থাকোতে বাছ ষ্ট পেজ্ এটাত গাড়ী খন ৰাখিব লগা হ’ল ,সেই সময়তে এজনী ভিখাৰী মহিলাই কোলাত কেচুৱা এটা লৈ খিৰিকী খনৰ মুখত হাত এখন আগবঢ়াই দিলে,মহিলা গৰাকী বহি থকা ফালে । তেতিয়া মহিলা গৰাকীয়ে পাঁচশ টকা নোট এখন উলিয়াই ল’লে ,আৰু চালকজনক ইঙ্গিতেৰে মোবাইটো আগবঢ়াই দিলে ,সুন্দৰ ফটো এখন তোলাৰ বাবে । চালকজনেও ফটো উঠাব সাজু হ’ল ।
মহিলাজনীয়ে পাঁচশ টকাটো ভিখাৰী জনীৰ ফালে আগবঢ়াই নিজে ধৰি থাকিল ,ফটো খন উঠোৱা হোৱাৰ লগে লগে নোটখন টান মাৰি বেগত ভৰাই থলে, আৰু কেইটামান খুচুৰা পইচা ভিখাৰী জনীক দি , গুছি গ’ল। পিছদিনা ফেচবুকত ডাঙৰ -ডাঙৰ আখৰেৰে ভিখাৰীৰ সৈতে তেওঁৰ ফটোখন আপলোড কৰিলে ।