প্ৰকৃতিৰ লাজ-  যোগেশ্বৰ কলিতা

pc- The Conversation

প্ৰকৃতিৰ লাজ- 

যোগেশ্বৰ কলিতা

বখলা বখলে

  খুলিছে

পাহাৰৰ চোলাটি

 কাটি নিছে

 গছ-বিৰিখ

মঙহৰ টুকুৰাৰ দৰে

  অৰ্থৰ লোভত

   দুস্কৃতিকাৰীই

ৰবিৰ কিৰণত

লাজতে বহি আছে

   নঙঠা প্ৰকৃতিই

মাটিত নাকটো গুজি