‘প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত ‘অন্ন মহোৎসৱ’ উদ্বোধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

pc wikipedia

প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত অন্ন মহোৎসৱউদ্বোধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিশালভাৱে আয়োজন কৰা ‘প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত ‘অন্ন মহোৎসৱ’ উদ্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বদান্যতাক শলাগ লয়। প্রধানমন্ত্রী মোদীক ধন্যবাদ জনাবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই পৱিত্ৰ ভূমিলৈ প্ৰথমবাৰ অহাৰ সৌভাগ্য হৈছে বুলি উল্লেখ কৰি কয়— যোৱা নিৰ্বাচনত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্রতিশ্রুতি পালনৰ নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। উক্ত প্ৰতিশ্ৰুতিৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ত মাইক্র’ফাইনেঞ্চৰ ঋণ ১১ লাখ মহিলাক ২৫ হাজাৰ টকাকৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, বাকী ১০ লাখ মহিলাক পর্যায়ক্রমে এই ৰেহাইৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে। অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি অহা জানুৱাৰীৰ পৰা প্ৰতিটো সমষ্টিৰ বাবে নতুনকৈ পাঁচ হাজাৰ হিতাধিকাৰীক অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ১৮,৫০০ লোকে মিছন বসুন্ধৰাৰ অধীনত নিজৰ ভূমি সন্দৰ্ভত যাৱতীয় কামৰ বাবে আবেদন কৰিছে বুলি উল্লেখ কৰে। এনে কামৰ বাবে ৰাজহ চক্ৰ বিষয়াই ৰাইজৰ ওচৰলৈ যাব লাগিব বুলি কয়। ইপিনে, ৰাজ্যত দালালৰাজ বন্ধ কৰাৰ অংশ হিচাপে পৰিবহণ বিভাগৰ অধীনত চালকৰ অনুজ্ঞা-পত্ৰৰ বাবে অনলাইনযোগে ৮৫ হাজাৰ লোকে আবেদন কৰিছে। জিলা পৰিবহণ বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ নোহোৱা হৈ পৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়সংগত কামত কাকো এটকাও নিদিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। লগতে অন্যায়ৰ কাম আপোনালোকে কৰিব নিদিব আপোনালোকেও নকৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ড০ শৰ্মাই। ৰাজ্যৰ ৫৮ লাখ ৯০ হাজাৰ ৬১৪টা পৰিয়ালৰ ৰেচন কাৰ্ড আছে। ইয়াৰ বাবে ২ কোটি ৫০ লাখ ৪৭ হাজাৰ ৩৬৫গৰাকী হিতাধিকাৰীক মাহেকত অতিৰিক্তভাৱে চাউল লাগে ১ লাখ ২৫ হাজাৰ মেট্রিকটন। এই চাউলৰ বাবদ প্রতিমাহঁত ইয়াৰ বজাৰ মূল্য ৩৭৫ কোটি টকা ব্যয় হৈছে। ইয়াৰে ১৫ মাহৰ বজাৰ মূল্য হৈছে ৫,৬২৬ কোটি টকা। অহা সাত দিনত প্ৰতিখন সুলভ মূল্যৰ দোকানৰ পৰা হিতাধিকাৰীক একোখনকৈ মোনা দিয়া হ’ব।