পৌৰ নিগমত কলৰ ভেলেই শেষ ভৰষা

পৌৰ নিগমত কলৰ ভেলেই শেষ ভৰষা

ৰঙিলী বাৰ্ত্তাসেৱা– সম্প্ৰতি গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীয়ে মহানগৰবাসীক বানপানীৰ পৰা পৰিত্ৰাণ দিয়াবলৈ দিনে নিশাই শ্ৰমিক সকলক লৈ নলা,জান জুৰি,বাট পথ আদি চাফাই কৰা দেখা গৈছে৷উল্লেখ্য,বাৰিষা আহিলে মহানগৰবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷তেনে সময়তে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে অভিযোগ কৰি কয়-বিগত কংগ্ৰেছ চৰকাৰৰ দিনত জনৈক বিষয়াৰ নেতৃত্বত পৌৰ নিগমৰ একাংশ বিষয়াই মহানগৰবাসীক বানপানীৰ পৰা পৰিত্ৰাণ দিয়াৰ নামত বৃহৎ মোটা অংকৰ ধন আন কামতহে খৰচ কৰিছিল৷কিন্ত ৰাইজক বানপানীৰ পৰা মুক্ত কৰিব পৰা নাছিল৷তদুপৰি অঞ্চলটোৰ একাংশ স্হানীয় ৰাইজৰ ভাষ্যমতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে পৌৰ নিগমৰ জৰিয়তে মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিয়াৰ বাবে বাৰিষাৰ আগৰে পৰা নিগমৰ কৰ্মচাৰীসকলে যুদ্ধ দেহিকভাৱে মহানগৰখন চাফ চিকুণ কৰিবলৈ আগবাঢ়িছে৷বিশেষকৈ পৌৰনিগমৰ দিছপুৰ সংমন্দলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য বৰ্মন,সহকাৰী কাৰ্যবাহী অভিযন্তা দিপক তালুকদাৰ আৰু ৰুবুল চৌধুৰীৰ নেতৃত্বত জেচিবি আৰু বিশেষ মেচিনেৰে চাফ চিকুণ কৰা পৰিলক্ষিত হৈছে৷আনহাতে য’ত জেচিবি আৰু অন্য যন্ত্ৰ নাযায় তাত কলৰ ভূৰত উঠি হ’লেও চাফাই কৰা দেখা গৈছে৷এই সমগ্ৰ কাম পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাই তদাৰক কৰি আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷আনহাতে দিছপুৰ, ছয়মাইল,খানাপাৰা,হাতীগাঁও,নটবমা,গণেশগুৰি আদি অঞ্চলত নলা সমূহ কিছু পৰিমাণে চাফা হোৱা বুলি সদৰী কৰিছে অভিযন্তা হিৰণ্য বৰ্মনে৷