পোহৰৰ উৎসৱ দীপাৱলী
কবিতা শৰ্মা
দিল্লী
হিন্দু সকলৰ আটাইতকৈ লোকপ্ৰিয় উৎসৱৰ ভিতৰতে এটা হ’ল দীপাৱলী বা দেৱালী। পোহৰৰ জৰিয়তে মানুহে জীয়াই থকাৰ প্ৰেৰণা বিচাৰে৷ যি পোহৰৰ দ্বাৰা মানুহৰ হৃদয়ৰ কালিমা নাশ হয় প্রকৃততে সেয়েই দীপাৱলী। এই সম্পর্কে উপনিষদতো আছে —
তমসো মা জ্যোতি গময়ঃ
মৃত্যু যা অমৃতং গময়ঃ
অৰ্থাৎ হে ভগৱান আমাক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া আৰু মৃত্যুৰ পৰা অমৰত্ব প্ৰদান কৰা।
দীপাৱলী সংস্কৃতৰ দুটা শব্দ লগ লাগি সৃষ্টি হৈছে- দীপ+আৱলী। দীপৰ অৰ্থ হৈছে- প্ৰদীপ আৰু আৱলীৰ অৰ্থ হৈছে শৃংখলা। যাৰ অৰ্থ হৈছে প্ৰদীপৰ শৃংখলা বা প্ৰদীপৰ পংক্তি। এই উৎসৱ কাতি মাহৰ কৃষ্ণা চতুৰ্দশীৰ দিনা পালন কৰা হয়৷ ইয়াক হিন্দুসকলৰ উৎসৱ বুলি কোৱা হয় যদিও জৈন, শিখ আৰু বৌদ্ধ ধর্মালম্বী লোকেও ইয়াক পালন কৰা দেখা যায় ।
হিন্দুসকলৰ মান্যতা অনুসৰি দীপাৱলীৰ দিনাই ভগৱান ৰামচন্দ্ৰ চৌধ্য বছৰ বনবাসৰ অন্তত ৰাবনক বধ কৰি পত্নী সীতা, ভ্রাতা লক্ষণ আৰু ভক্ত হনুমানৰ সৈতে অযোধ্যালৈ ঘূৰি আহিছিল। অমাৱস্যাৰ নিশা হোৱা কাৰণে সেইদিনা চাৰিওফালে ঘোৰ অন্ধকাৰ আছিল । সেইকাৰণে অযোধ্যা বাসীয়ে গোটেই অযোধ্যা নগৰী প্ৰদীপ আৰু ফুলেৰে সজাই তুলিছিল যাতে ভগৱান ৰামৰ আগমনত কোনো বাধা নজন্মে। তেতিয়াৰে পৰা আজিলৈকে ইয়াক পোহৰৰ উৎসৱ আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয় হিচাপে মানি অহা হৈছে ।
দীপাৱলী পালন কৰাৰ প্ৰস্তুতি এই উৎসৱৰ কেইবাদিনো আগৰ পৰাই কৰা যায় ৷ সকলোৱে অতি আগ্ৰহেৰে ঘৰ – দুৱাৰ পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰে। ঘৰ নতুনকৈ ৰং কৰি সজোৱা হয় । কাৰণ লোকবিশ্বাস অনুসৰি পৰিস্কাৰ পৰিছন্ন ঘৰতহে লক্ষ্মী দেৱীৰ পদাৰ্পণ ঘটে আৰু সুখ সমৃদ্ধিৰ আশীৰ্বাদ প্রাপ্ত হয়। এই সময়ত বজাৰ সমূহ লোকে লোকাৰণ্য হৈ উঠে। সকলোৱে নিজৰ পচন্দ অনুসৰি ঘৰ সজোৱাৰ সামগ্ৰী ক্ৰয় কৰে৷ দেৱালী কাষ চপাৰ লগেলগে সকলোৱে নিজৰ ঘৰবোৰ বিভিন্ন ডিজাইনৰ চাকি আৰু ৰংবিৰঙৰ উজ্জ্বল লাইটেৰে সজাই সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । এই শুভদিনটোত বজাৰৰ পৰা লক্ষ্মীআৰু গনেশৰ মূৰ্ত্তি আনি ঘৰত স্থাপন কৰা হয়। সকলোৱে নতুন কাপোৰ, বাচন বৰ্তন, মিঠাই আদি আনি পৰিয়ালৰ সকলোৰে লগত আনন্দৰে পালন কৰে।বন্ধু-বান্ধবী, আত্মীয় স্বজনৰ লগত উপহাৰ আদান – প্ৰদান কৰা হয় ৷ সৰু ল’ৰা ছোৱালীবোৰে ফটকা আৰু বিভিন্ন ধৰণৰ আতচবাজী যেনে — ফুলজাৰী, ৰকেট, গছ, চক্র,আদি জ্বলাই আনন্দ কৰে ।
আমাৰ ৰাজ্যত দেৱালীৰ আগদিনা কালি পূজা উদযাপন কৰা হয়। কালী শব্দৰ অৰ্থ হৈছে কাল অৰ্থাৎ আন্ধাৰ । এই কাল সমষ্ট ব্ৰহ্মাণ্ড বিয়পি আছে। ইয়েই মহাকাল । কালিকা পুৰাণৰ মতে মহাকালী অর্থাৎ শিৱৰ পত্নী পাৰ্ৱতীয়ে যেতিয়া অসুৰ বধ কৰি উগ্ৰ ৰূপ ধৰি জীৱ মাত্ৰকে বধ কৰিবলৈ উদ্যত হয় তেতিয়া শিৱই পত্নীয়ে আৰু কিবা অথন্তৰ ঘটাব পাৰে বুলি উপায়ন্তৰ হৈ পত্নীৰ গমনৰ পথত ওপৰমুৱাকৈ শুই পৰিল আৰু পাৰ্ৱতীয়ে ৰণচণ্ডী মূৰ্ত্তি ধৰি শিৱৰ বুকুত ভৰি থৈ, মহা কালীকে ধৰি দহগৰাকী দেৱীৰ ৰূপ লয় সেইদিনাৰ পৰাই কালি কালগ্ৰাসিনী, উগ্ৰমালী, চন্দেচৰী, কালিকাবদনী আদি নামেৰে জনাজাত হয়।
দীপান্বিতা হ’ল পোহৰৰ উৎসৱ।এই পোহৰৰ দ্বাৰা হৃদয়ৰ দুখ নাশ কৰি অনাগত সময়ত সুখৰ সন্ধান কৰাই হ’ল দীপান্বিতাৰ মূল মন্ত্ৰ । কিন্তু দেৱালীৰ দৰে ধাৰ্মিক মহত্ব থকা উৎসৱত কিছুমান অসামাজিক কাৰ্য্য যেনে সুৰা সেৱন, জুৱা খেল আৰু ফটকাৰ ভুল ব্যৱহাৰ আদিয়ে বেয়া কৰাত উঠিপৰি লাগে । যদি সমাজৰ পৰা এইবোৰ অসূয়া দূৰ কৰিব পাৰি তেতিয়াহে দীপাৱলীক বাস্তৱতে শুভ দীপাৱলী বুলি কব পৰা যাব ।
যিকোনো দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ আৰু দেশ খনক প্ৰদূষণ মুক্ত কৰি ৰাখিবলৈ ফটকা ফুটোৱাতো সাৱধানতা অৱলম্বন কৰা উচিত। দীপাৱলীৰ প্ৰকৃত উদ্দেশ্য যে নিজৰ ভিতৰৰ অন্ধকাৰ নাশ কৰি সমূহ সংসাৰকে প্ৰকাশযান কৰি তোলা সেই কথা আমি বুজা উচিত সকলোৱে বুজা উচিত যে এই উৎসৱৰ অৰ্থই হ’ল পোহৰ, প্ৰেম আৰু সুখ সমৃদ্ধি … এই উৎসৱে সদায় আমাক আগুৱাই যাবলৈ প্ৰেৰণা যোগায়৷ এই উৎসৱ সাংস্কৃতিক আৰু সামাজিক সদ্ভাৱৰ প্রতীক। এই উৎসৱৰ কাৰণেই মানুহৰ মাজত আজিও সামাজিক একতা অক্ষুণ্ণ হৈ আছে।
আধুনিকতাৰ সৈতে তাল মিলোৱাৰ বাবে মাটিৰ চাকি জ্বলোৱাৰ কথা নাপাহৰে যেন। মাটিৰ চাকি জ্বলালে আধুনিকতা হ্ৰাস নহয় বৰঞ্চ বাঢ়িবহে।
সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ দীপাৱলীৰ উজ্জ্বলতাই সকলোৰে জীৱন পোহৰাই তোলক …