পৃথিৱীৰ প্ৰতীক্ষাত – ডাঃ যুতিকা ওজা

pc Your Weather

পৃথিৱীৰ প্ৰতীক্ষাত

ডাঃ যুতিকা ওজা,
কমিউনিটি মেডিচিন বিভাগ,
শুৱাহাটী চিকিৎসা মহাবিদ্যালয়

এতিয়া জীৱনৰ মাদকতা
ফুলৰ সুবাসত বিচাৰি নাপাওঁ,
মহাকালৰ নিষ্ঠুৰ সোঁতত
উটি গৈছে প্ৰতিটো পল।
বৰণ সলোৱা আকাশৰ ধোঁৱাত
ওমলিছে ধূসৰ আশা
লুকাভাকু খেলা সপোনবোৰ
নিষ্ঠুৰ বাস্তৱত হেৰাই গৈছে।
বিড়ম্বিত জীৱনৰ চিত্ৰ
কি হেৰুৱাইছো, কি পাইছো
জীৱনৰ হিচাপ-নিকাচ
তুলাচনীত পৰি ৰ’ল।
জীৱশ্ৰেষ্ঠ আজি বাক্যশূণ্য দূৰত্বত
সুখৰ সময়লে
সন্তর্পণে সংগোপনে
অবিৰত যাত্ৰাৰ প্ৰচেষ্টাত
মুক্ত পৃথিৱীৰ প্ৰতীক্ষাত।