পুৱেৰ্টু ৰিকোৰ এথলীট জেছমিনৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত স্বৰ্ণ জয়

pc-Olympics

পুৱেৰ্টু ৰিকোৰ এথলীট জেছমিনৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত স্বৰ্ণ জয়

অনলাইন বাৰ্ত্তাসেৱা– পুৱেৰ্টু ৰিকোৰ ২৪ বছৰীয়া এথলীট জেছমিন কামাছু কুইনে ১০০ মিটাৰ হাৰ্ডালছত ১২.৩৭ ছেকেণ্ডতে নিজৰ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক অৰ্জন কৰে। এথলীটগৰাকীৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে বিশ্ব অভিলেখৰ গৰাকী মাৰ্কিন এথলীট কেনি হেৰিছন ৰূপৰ পদকতে সন্তুষ্ট হʼব লগীয়া হয়।জেচমিনে ছেমি ফাইনেলত ১২.২৬ ছেকেণ্ডত এই লক্ষ্য অতিক্ৰম কৰি চাঞ্চৰ সৃষ্টি কৰাই নহয় এক নতুন অলিম্পিক অভিলেখো গঢ়িছিল।জেছমিন কামাছু ট্ৰেক এণ্ড ফিল্ডত নিজ দেশৰ বাবে প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰি আন এক অভিলেখৰ গৰাকী হয়। তেওঁৰ এই শক্তিশালী প্ৰৰ্দশনৰ বিপৰীতে তীব্ৰ প্ৰত্যাহ্বান জনায়ো স্বৰ্ণপদক দখল কৰিব নোৱাৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এথলীট কেনি হেৰিছনে। ১২.৫২ ছেকেণ্ডত কেনি হেৰিছনে ১০০ মিটাৰ হাৰ্ডলছৰ ফাইনেলত নিজ দৌৰ সম্পন্ন কৰে।