পুলৱামা জিলাৰ হৰিপাৰিগাম গাঁৱত বিশেষ আৰক্ষী বিষয়া (এছ.পি.অ’.)ৰ ঘৰত সন্ত্ৰাসবাদীৰ গুলীচালনা

pc Jagran

সন্ত্ৰাসবাদীৰ এটা দলে ২৭ জুনৰ নিশা জম্মু-কাশ্মীৰ পুলৱামা জিলাৰ হৰিপাৰিগাম গাঁৱত আৰক্ষীৰ বিশেষ আৰক্ষী বিষয়া (এছ.পি.অ’.) ফয়াজ আহমেদৰ ঘৰত প্ৰৱেশ কৰে আৰু নিৰ্বিচাৰভাৱে গুলীচালনা কৰে। এই গুলীবৰ্ষনত শ্বহীদ হৈছিল ফয়াজ আৰু তেওঁৰ পত্নীও আঘাতপ্ৰাপ্ত হৈ  শেষত মৃত্যুবৰণ কৰে। আনহাতে, তেওঁলোকৰ ছোৱালীৰ অৱস্থা সংকটজনক বুলি কাশ্মীৰৰ আৰক্ষী জোৱানৰ পৰা জানিব পৰা গৈছে। অঞ্চলটো ঘেৰাও কৰা হয় আৰু আৰক্ষীৰ দ্বাৰা আক্ৰমণকাৰীসকলৰ অনুসন্ধান অব্যাহত আছে।