পুনৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

pc The Indian Express

পুনৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ঔষধৰ বজাৰখন একপ্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে।যোৱা তিনিমাহৰ ভিতৰতে দুবাৰকৈ বহুকেইটা ঔষধৰ দাম বৃদ্ধি পাইছে।ঔষধৰ দাম এনেদৰে অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ পাছতো কিন্তু এতিয়ালৈকে চৰকাৰখনে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।যোৱা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশতে প্রায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম ১০.৭৭ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছিল।কিন্তু এতিয়া দেখা গৈছে বহুতো ঔষধ প্ৰস্তুত কৰা প্রতিষ্ঠানে নেশ্যনেল ফাৰ্মাচিউটিকেল পাইচিং অথৰিটিয়ে নির্ধাৰণ কৰি দিয়া উক্ত দামৰ পৰিৱৰ্তে ২০ শতাংশ পর্যন্ত দাম বৃদ্ধি কৰিছে।তথ্য অনুসৰি যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহ পর্যন্ত এজিথ্র’মাইচিনৰ দাম দুবাৰ বৃদ্ধি পাইছে।পান-ডি কেপছুলৰ একোটা ষ্টিপৰ দামো পূৰ্বৰ ১৯০ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি পাইছে।লেনজ ২০ এম জি কেপছুলৰ একোটা ষ্টিপৰ দাম পূর্বতে ৫৫.৫২ টকা আছিল যদিও এতিয়া হৈছেগৈ ৬১.৪৮ টকা। সেইদৰে লিভোক্সাচিন টেবলেটৰ ১২.৪ শতাংশ, ডেক্সনা টেবলেটৰ ১০.৩৫ শতাংশ বৃদ্ধি পাইছে।ইফালে উচ্চৰক্তচাপ ব্যৱহৃত ঔষধ আৰু ডায়েবেটিছত ব্যৱহৃত ঔষধৰ দাম ১২ৰ পৰা ১৫ শতাংশলৈকে, বিভিন্ন ভিটামিনৰ দামো ১৪ শতাংশ পর্যন্ত আনকি চেলাইনৰ দাম ১১ শতাংশ পর্যন্ত বৃদ্ধি পাইছে।মন কৰিবলগীয়া কথা যে জ্বৰ, মূৰৰ বিষ আদিত আক্রান্ত হ’লে প্রায়সংখ্যক লোকেই বহু সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল বা পেইনকিলাৰৰ দৰে দৰব সেৱন কৰি ৰোগৰ পৰা উপশম লাভ কৰে।কিন্তু এতিয়া সেই পেৰাচিটামলৰ দামো ১২ শতাংশ পর্যন্ত বৃদ্ধি পাইছে।