পাচলিৰ দাম নাই ,কৃষকৰ দুৰৱস্থা

pc-thehindu

পাচলিৰ দাম নাই ,কৃষকৰ দুৰৱস্থা
====================
বাৰ্ত্তাসেৱা-  দৈয়াং আৰু ধনশিৰি নদী উপত্যকাত উৎপাদিত পাচলিৰ নিম্নমুখী দামে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । জামুগুৰি অঞ্চলত উৎপাদিত জিকা ,বেঙেনা ,জাতিলাও , ভোল , ভেন্দি ,কল আদি উজনি- নামনি অসমৰ লগতে অসমৰ বাহিৰলৈ যায় । বৰ্তমান পৰিস্থিতিত আন্তজিলা বন্ধ হৈ থকাৰ বাবে এই নদী উপত্যকা অঞ্চলৰ কৃষক সকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । বজাৰ সমূহ বন্ধ হৈ থকাৰ বাবে পাচলি বিক্ৰী বন্ধ । উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰি গছতে এৰি দিছে । ইতিমধ্যে বহু কৃষকে নিজৰ পাচলিৰ বাৰী সমূহ গৰু চৰিবলৈ এৰি দিছে । চৰকাৰে অতি সোনকালে যদি বজাৰ সমূহ খুলি নিদিয়ে তেনেহলে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে পেটত পানী গামোচা বান্ধিব লাগিব ।
*********
মৃগাংক বৰুৱাৰ ৰিৰ্পট, গোলাঘাট