পাকঘৰতে আছে গৃহিণীৰ সৌন্দৰ্যৰ অপৰিমিত ভঁৰাল — বিন্দু ৰাজবংশী কলিতা

pc-deposite photos

পাকঘৰতে আছে গৃহিণীৰ সৌন্দৰ্যৰ অপৰিমিত ভঁৰাল
বিন্দু ৰাজবংশী কলিতা

নাৰী সৌন্দৰ্যপ্ৰিয়।প্ৰত্যেকগৰাকী নাৰীয়েই অন্তৰেৰে সুন্দৰী হৈ থকাৰ মানসিকতা পোষণ কৰে।মনৰ মানুহজনৰ সন্মুখত নিজকে সৌন্দৰ্য্য ময়ী কৰি ৰাখিবলৈ নাৰীৰ মন সদায় আগ্ৰহী। বৰ্তমান সকলো ক্ষেত্ৰতে প্ৰতিযোগিতাৰ যুগ।নাৰীৰ সৌন্দৰ্য্যৰ জগতখনেও প্ৰতিযোগিতাৰ দৌৰত বিশেষভাবে আগভাগ লৈছে।চাৰিওফালে সৌন্দৰ্য চৰ্চাৰ সৰু- ডাঙৰ নানা ধৰণৰ পাৰ্লাৰবোৰ গঢ়ি উঠিছে।আজিকালি বেছিভাগ মহিলাই সৌন্দৰ্যচৰ্চাৰ বাবে নামী দামী পাৰ্লাৰ সমূহলৈ গৈ নিজৰ সুন্দৰতাক অক্ষুন্ন ৰাখিবলৈ বহু পৰিমানৰ অৰ্থ ব্যয় কৰে।তাৰ ভিতৰত এচাম গৃহিণীয়ে ঘৰুৱা ব্যস্ততা অথবা সাংসাৰিক দায়িত্ববোৰ পালন কৰি থাকোতে পাৰ্লাৰলৈ যাবলৈ সময়ে মিলাব নোৱাৰে।ইয়াৰ উপৰিও কিছুমান মহিলাৰ ইচ্ছা থকা স্বত্তেও নিম্নতম বাজেটত চলিবলগীয়া হোৱা বাবে পাৰ্লাৰত যাবলৈ অপাৰগ হয়।এনেবোৰ কাৰণত কেতিয়াবা কিছুমান মহিলাই হতাশ হৈ আত্মবিশ্বাস হেৰুৱাই পেলায়।
কিন্তু এইসকল গৃহিণী কেতিয়াও হতাশ হব নালাগে।গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে গৃহিনী সকলে সৌন্দৰ্য চৰ্চাৰ ভঁৰালটোতে অধিক সময় অতিবাহিত কৰে। হয় , গৃহিণী সকলৰ প্ৰধান ঠাই পাকঘৰৰ কথাই কবলৈ গৈছো। কামৰ ব্যস্ততাৰ মাজতেই সুবিধা উলিয়াই তেওঁলোকেও প্ৰাকৃতিকভাবে অতি সহজতে সৌন্দৰ্যচৰ্চা কৰিব পাৰে।শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিনৰ লগতে এখন স্বাস্ব্যৱান ছাল আৰু একোছা সুন্দৰ চুলিৰ অধিকাৰী হৈ ধুনীয়া হব পাৰে। চালৰ বাবে সকলো প্ৰয়োজনীয় দ্ৰব্যই গৃহিণীয়ে প্ৰতিদিনে পাকঘৰতে ব্যৱহাৰ কৰি থাকে।তাৰ ভিতৰত তিঁয়হ,কেঁঁচা হালধি,গাখীৰৰ সৰ, পকা অমিতা, নেমুটেঙা ইত্যাদিয়েই প্ৰধান।ছালৰ বাবে তিয়হৰ ৰস অতিকৈ উপকাৰী।খোৱাৰ লগতে তিয়ঁহৰ ৰস মুখত লগাই কিছুসময় পিছত ধুই পেলালে চালৰ আৰ্দ্ৰতা বৃদ্ধি পায়।পকা অমিতা ফেনেকি মুখত লগালে চালৰ বিভিন্ন দাগ নোহোৱা কৰে আৰু বলিৰেখা বৃদ্ধিত বাধা প্ৰদান কৰে। ইয়াৰ উপৰিও পাকঘৰত সততে পোৱা বেচনৰ লগত অলপ গাখীৰ আৰু কেচা হালধিৰ ৰস মিহলাই চালত লগাই থৈ পোন্ধৰ মিনিটমান পিছত ধুই পেলালে ছালৰ বৰণ উজ্জ্বল হয়। কেঁচা হালধি ছালত লগোৱাৰ উপৰিও প্ৰতিদিনে দুই চামুচকৈ ৰস সেৱন কৰিলে পেটৰ লগতে ছালৰ সাংঘাতিক উপকাৰ হয়। সাধাৰণতে গৃহিনীসকলে বিভিন্ন পাচলি কাটোতে বা বাচন-বৰ্তন ধোওঁঁতে হাতত দাগ লাগি নখবোৰতো লেতেৰা বৰণ ধৰে। নেমুটেঙা এটুকুৰা লৈ হাত আৰু নখবোৰত ভালকৈ ঘহি দিলে ময়লাসমূহ আতৰ হৈ পৰিষ্কাৰ আৰু কোমল হৈ পৰে। গা- ধোৱাৰ আগতে খাটি সৰিয়হ তেলেৰে গা মালিচ কৰিলে, বিভিন্ন বেমাৰ আতৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়।
ঠিক তেনেদৰে চুলিৰ বাবেও পাকঘৰতে পোৱা ঔটেঙা, নেমুটেঙা অথবা আচাৰ বনাবলৈ অনা আমলখি আদি ব্যৱহাৰ কৰিলে চুলিকোছা সুন্দৰ হৈ পৰে। আমলখি হৈছে চুলিৰ বাবে অতি পুষ্টিদায়ক ফল। আমলখিৰ ৰস মাহত দুবাৰকৈ চুলিত লগালে চুলিসৰা আৰু চুলিৰ অকাপক্কতাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ঔটেঙাৰ বীজ লগালেও চুলিৰ উজ্জ্বলতা বাঢ়ে। কেতিয়াবা কেতিয়াবা খাবলৈ অনা মাটিমাহৰ দাইল ৰাতিটো তিয়াই থৈ পিছদিনা পতা বা পিহনাৰে পিহি লৈ চুলিত আধাঘন্টমান লগাই ধুই পেলাব লাগে, দেখিব চুলিখিনিৰ সুন্দৰতা কেনেকৈ বৃদ্ধি পায় !
গতিকে এনেকুৱা বিভিন্ন দ্ৰব্য সমুহৰ ব্যবহাৰৰ দ্বাৰা আমি পাৰ্লাৰত নোযোৱাকৈয়ে ঘৰতে সহজেই সৌন্দৰ্যচৰ্চা কৰিব পাৰো। পাকঘৰত সকলো সময়তে ব্যৱহৃত এই প্ৰাকৃতিক সামগ্ৰীসমূহৰ দ্বাৰাই গৃহিণীসকলে নিজৰ সৌন্দৰ্য অটুট ৰাখি একোগৰাকী সুন্দৰী আৰু আত্মবিশ্বাসী গৃহিণী হিচাপে জিলিকি থাকিবলৈ সক্ষম হব পাৰে ।