পাঁচখন জিলাত নতুন তথ্য আৰু জনসংযােগ বিষয়াৰ পদ সৃষ্টি 

PC Time 8

পাঁচখন জিলাত নতুন তথ্য আৰু জনসংযােগ বিষয়াৰ পদ সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ পাঁচখন জিলাত নতুনকৈ পাঁচটা জিলা তথ্য আৰু জনসংযােগ বিষয়াৰ পদ সৃষ্টি কৰা হৈছে। তথ্য আৰু জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাই ৰাজ্যখনৰ পাঁচখন জিলাত বিভাগটোক অধিক সবল আৰু সক্রিয় কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰি পাঁচটাকৈ জিলা বিষয়াৰ পদ সৃষ্টিৰ লগতে আন ২০ টা বিভিন্ন পর্যায়ৰ পদ সৃষ্টিৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰে। সেই অনুসৰি হােজাই, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ (সােণাৰি), হাটশিঙিমাৰী(দক্ষিণ শালমাৰা) আৰু বিশ্বনাথ জিলাৰ বাবে পাঁচটা জিলা তথ্য আৰু জনসংযােগ বিষয়াৰ পদ সৃষ্টি কৰা হৈছে। এই ৰাজপত্ৰিত বিষয়াৰ পাঁচটা পদৰ লগতে টেকনিচিয়ান-৫টা, ডাফট্রি-৫টা,ক্লীনাৰ-১টা, যােগালী-৪টা, পিয়ন-২টা আৰু চকীদাৰ-৩ টা পদো সৃষ্টি কৰা হৈছে।