পশ্চিম গুৱাহাটীৰ কোভিড পৰিস্থিতিৰ বুজ লয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা দেৱে

বাৰ্ত্তাসেৱা – সমগ্র ৰাজ্যত মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয়বাৰৰ বাবে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি জনসাধাৰণক আতংকিত কৰি তুলিছে। কৰ’না ভাইৰাছৰ সামাজিক সংক্রমণ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন নীতি-নিয়ম অৱলম্বন কৰিবলৈ সৰ্বস্তৰৰ জনসাধাৰণক বাৰম্বাৰ আহ্বান জনাই আহিছে । এনে নিৰ্দেশনাৰ সঠিক ৰূপায়ণ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ পশ্চিম গুৱাহাটীৰ বিধায়কগৰাকীয়ে গুৱাহাটীৰ পশ্চিম প্রান্তৰ বৰঝাৰ বিমানবন্দৰৰ কোভিড স্ক্ৰীণিং কেন্দ্র, কাঁহিকুছিস্থিত কোভিড কেয়াৰ কেন্দ্ৰ আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নিৰ্মীয়মাণ অৱস্থাত থকা কোভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰি লয় । বিধায়কগৰাকীয়ে প্ৰথমতে আন্তঃৰাষ্ট্ৰীয় বৰঝাৰ বিমানবন্দৰৰ স্ক্ৰীণং কেন্দ্ৰটোৰ সকলো দিশ পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে সম্প্রতি বিমানযাত্রী হ্রাস পোৱাৰ লগতে পূর্বতে প্রতিদিনেই অতি কমেও তিনি হাজাৰ যাত্ৰী অহা-যোৱা কৰিছিল যদিও বর্তমান ৭০০ৰ পৰা ৮০০ যাত্রী অহা-যোৱা কৰাটো ভয়াবহ কোভিডকেন্দ্ৰিক সাম্প্ৰতিক পৰিস্থিতিত এক শুভলক্ষণ বুলি বিধায়কগৰাকীয়ে সদৰী কৰে৷ ইয়াৰ পাছতেই কাঁহিকুছিস্থিত কোভিড কেয়াৰ কেন্দ্ৰলৈ গৈ চিকিৎসাকৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয়। কাঁহিকুছিস্থিত কোভিড কেয়াৰ কেন্দ্ৰটোত বর্তমান প্রায় ২০০গৰাকী কৰ’নাক্ৰান্ত ৰোগীক চিকিৎসাসেৱা কৰাৰ লগতে অক্সিজেনৰো ব্যৱস্থা থকা বুলি বিধায়কগৰাকীয়ে সদৰী কৰে। তাৰ পাছতেই আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানত নিৰ্মাণৰত অৱস্থাত থকা কোভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে। প্ৰায় সাতশ বিছনাযুক্তৰে নিৰ্মাণ হ’বলগীয়া কেন্দ্ৰটো তিনিদিনৰ ভিতৰত মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। ৰাজ্যৰ লগতে মহানগৰীত কৰ’নাৰ সামাজিক সংক্রমণ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহা বুলি মন্তব্য কৰি ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়৷ আনহাতে, পশ্চিম গুৱাহাটী সমষ্টিটোৰ ৰাইজৰ মাজত যাতে কৰ’না ভাইৰাছৰ গণসংক্রমণ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যেৰে আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।