অনলাইন বাৰ্ত্তাসেৱা – দেৱদত্ত পডিক্কাল ভাৰতীয় প্ৰতিনিধিত্ব কৰা একবিংশ শতিকাত জন্ম গ্ৰহণ কৰা প্ৰথম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ২০০০ চনৰ ৭ জুলাইত জন্ম গ্ৰহণ কৰা পাডিক্কালৰ আত্মপ্ৰকাশ কৰে বুধবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ত। তেওঁ ২৯(২৩) ৰাণ কৰিছিল। উল্লেখযোগ্য যে আফগানিস্তানৰ মুজিব উৰ ৰহমান হৈছে একবিংশ শতিকাত জন্ম গ্ৰহণ কৰা পুৰুষৰ দলৰ প্ৰথমগৰাকী আন্তৰ্জাতিক ক্ৰিকেট খেলুৱৈ। তেখেতে ২০১৭ চনত আত্মপ্ৰকাশ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল।
(UD.)