পঞ্জাৱত চিকিৎসকৰ ধৰ্মঘটৰ ফলত প্ৰভাৱিত হৈছে চিকিৎসা সেৱা

pc The Statesman

অনলাইন বাৰ্ত্তাসেৱা – আজি পঞ্জাৱত চৰকাৰী চিকিৎসকসকলে “Non-Practicing Allowance” আৰু পেঞ্চন সুবিধা সম্পৰ্কীয় ৰাজ্যৰ ষষ্ঠ দৰমহা আয়োগৰ পৰামৰ্শৰ বিপৰীতে দিনজোৰা ধৰ্মঘটৰ বাবে প্ৰভাৱিত হয় স্বাস্থ্য সেৱা। চৰকাৰী চিকিৎসালয়ত বহিঃৰোগী বিভাগৰ (অ’.পি.ডি.) সেৱা স্থগিত ৰখা হৈছে, বহু ঠাইৰ চিকিৎসকে প্ৰদৰ্শন কৰিছে। অৱশ্যে, সকলো জৰুৰীকালীন সেৱা, কোভিড-১৯ সম্পৰ্কীয় কাম, যাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে পৃথকীকৰণ ৱাৰ্ড, আৰু টিকাকৰণ সদায়ৰ দৰেই অব্যাহত আছে। পঞ্জাৱ চৰকাৰৰ চিকিৎসক সমন্বয় সমিতিয়ে আহ্বান জনোৱা এই ধৰ্মঘটত পঞ্জাৱ অসামৰিক চিকিৎসা সেৱা সংস্থাৰ সদস্য আছে আৰু পঞ্জাৱ ৰাজ্যিক পশু চিকিৎসা বিষয়া সন্থা, গ্ৰাম্য চিকিৎসা বিষয়া সন্থা, পঞ্জাৱ দন্ত চিকিৎসা বিষয়া সংস্থা আৰু পঞ্জাৱ আয়ুৰ্বেদ বিষয়া সন্থাৰ দ্বাৰা সমৰ্থিত।