ন্যূনতম ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

pc Dna India

ন্যূনতম ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্রী ড° শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা ভাৰতীয় খাদ্য নিগমৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকখনত ৰাজ্যৰ খেতিয়কসকলৰ পৰা ধান ক্ৰয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। উক্ত বৈঠকখনত সমাগত বিপণনৰ সময়ছোৱাত ৰাজ্যৰ কৃষকসকলৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলাৰ লগতে অসমত ন্যূনতম ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় খাদ্য নিগম (এফ চি আই)ক আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ধান উৎপাদন কৰা ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ কৃষকেই যাতে ন্যূনতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰাৰ সুযোগ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতে পর্যাপ্তসংখ্যক অনুমোদিত ধান ক্রয় কেন্দ্ৰ স্থাপন কৰিবলৈ কেন্দ্ৰীয় সংস্থাটোৰ প্ৰতি আহ্বান জনায় ৷ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা ন্যূনতম সমৰ্থন মূল্যৰ ভিত্তিত খেতিয়কসকলৰ পৰা খাদ্যশস্য ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতীয় খাদ্য নিগমৰ ভূমিকাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ধান ক্ৰয়ৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগমলৈ সকলো ধৰণৰ আন্তঃগাঁথনিগত সা-সুবিধা আগবঢ়াব। ক্ৰয় কৰা ধান মজুতকৰণৰ বাবে ৰাজ্যৰ সকলো জিলাতে পর্যাপ্তসংখ্যক ভঁৰাল গঢ়ি তোলাৰ লগতে ভাৰতীয় খাদ্য নিগমে এনে ভঁৰাল নিৰ্মাণ কৰিব বিচাৰিলে ৰাজ্য চৰকাৰে তাৰ বাবে প্ৰয়োজনীয় ভূমিও আবণ্টন দিব বুলি তেওঁ জানিবলৈ দিয়ে।

(UD.)