নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান, সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক প্রকাশ

Pc The Janambhumi

নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান, সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক প্রকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান।মহানগৰৰ উলুবাৰীস্থিত বাসভৱনত ৮৩ বছৰত বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট শিল্পীগৰাকীৰ।বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু শিল্পীগৰাকীৰ।১৯৩৯ চনত গুৱাহাটীৰ উজানবজাৰ অঞ্চলত জন্মগ্ৰহণ কৰা গৰিমা হাজৰিকাই ২০০৬ চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।ইয়াৰ উপৰিও তেওঁক অসম সাহিত্য সভা, অসম নাট্য সন্মিলনীয়ে তেওঁক প্ৰদান কৰিছিল বিশেষ সন্মান।বিশিষ্ট নৃত্য পটিয়সী গৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ।সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ’গ্ৰাফী কৰিছিল।সংগীত নাটক একাডেমী বটাঁ বিজয়ী বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ পৰলোক প্ৰাপ্তিত ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে।এক শোক বার্তা যোগে মন্ত্রী বড়াই কয় যে সত্ৰীয়া আৰু ওড়িশি নৃত্যশিল্পী গৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।সত্ৰীয়াৰ লগতে অন্যান্য শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত তেখেতে আগবঢ়াই যোৱা অৱদানৰ কথা সাংস্কৃতিক জগতখনে চিৰদিন মনত ৰাখিব।মন্ত্রী বড়াই শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰিছে।