নীলা বাটটোৱেদি
মানসী মিশ্ৰ
বহুদিনৰ পিছত মোৰ
মূৰৰ ওপৰৰ সৌখন নীলিম আকাশ
এইখনেইতো মোক ৰিঙিয়াই মাতে
মোৰ লৰালিৰ স্মৃতি হৃদয়ত সাঁচি ৰখা
এইখন নীলিম আকাশ
যি খন আকাশে জোলোঙাত ভৰাই ৰাখে
মোৰ শৈশৱ, কৈশোৰ আৰু যৌৱন
যি খন আকাশে মোক দিয়ে
এমোকোৰা হাঁহি আৰু উচ্ছল যৌৱন
যিখন আকাশে উজাৰি দিছে
এমোকোৰা হাঁহি আৰু উচ্ছল যৌৱন
আৰু হৃদয়ৰ ভিতৰত বুটা বঁচা
আলফুল শব্দবোৰ
যি শব্দৰে আঁকিব পাৰি
প্ৰিয়তমৰ হৃদয়ৰ ডুখৰীয়া ছবি
আঁকিব পাৰি মনালিছাৰ বিখ্যাত হাঁহি
এই আকাশেই মোক দিয়ে প্ৰেমৰ ভাষা
মোক লৈ যাব খোজে সৌ তৰাৰ দেশলৈ
যত পানীৰেই ধুই পেলাব পাৰি
মানুহৰ হৃদয়ৰ পংকিলতাবোৰ
সুখবোৰ আঁকি দিব পাৰি
কবিতাবোৰৰ মৰমী বুকুত
আঁকি দিব পাৰি তোমাৰ মৰমী ওঁঠত।