নীলপৱন বৰুৱাৰ নিথৰ দেহৰ ওচৰত বহু সময় পৰি থাকিল পোহনীয়া কুকুৰটো

PC - The Janambhumi

নীলপৱন বৰুৱাৰ নিথৰ দেহৰ ওচৰত বহু সময় পৰি থাকিল পোহনীয়া কুকুৰটো

ৰঙিলী বাৰ্ত্তাসেৱা – তেওঁক আৰু নজগাবা তেওঁ কেতিয়াও ঘূৰি নহাৰ পণ লৈ গ’লগৈ। চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নিথৰ দেহৰ ওচৰত সুদীৰ্ঘ সময় ৰৈ থাকিল শিল্পী গৰাকীৰ প্ৰিয় কুকুৰটো।নীলপৱন বৰুৱাৰ নশ্বৰ দেহৰ সম্মুখত এনেদৰে বহু সময় দেখা গ’ল পোহনীয়া কুকুৰটোক৷কুকুৰটোৱেও হয়তো বুজি পাইছে যে আকৌ কেতিয়াও উভতি নহা বাটেৰে গ’লগৈ তাৰ আপোন মানুহজন।তাৰ মনৰ মাজতো জ্বলিছে আপোনজনক হেৰুৱাই জ্বলা একুৰা দুখৰ জুই।সেয়ে আপোনজনৰ নশ্বৰ দেহৰ সন্মুখত এনেদৰেই নিৰৱে কুকুৰটোৱে প্ৰকাশ কৰিছে শোক।