নিৰ্বাচন কেন্দ্ৰিক দৃষ্টিভংগীৰে চহৰবিকশিত কৰিব নোৱাৰি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc Deccan Herald

নিৰ্বাচন কেন্দ্ৰিক দৃষ্টিভংগীৰে চহৰবিকশিত কৰিব নোৱাৰি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ভাৰ্চুৱেলি ৰাষ্ট্ৰীয় মেয়ৰ সন্মিলনৰ উদ্বোধন কৰাৰ পিছত বিজেপিৰ সকলো মেয়ৰক সামগ্ৰিকভাৱে চহৰসমূহৰ উন্নয়নৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। কেৱল নির্বাচনত জয়ী হোৱাৰ দিশতহে নির্বাচিত প্রতিনিধিসকলে উন্নয়নৰ কথা চিন্তা কৰিব নালাগে বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আপুনি নিৰ্বাচন কেন্দ্ৰিক দৃষ্টিভংগীৰে আপোনাৰ চহৰখনৰ বিকাশ কৰিব নোৱাৰে।”