নিশাৰ স্নিগ্ধতাত
দিপালী শইকীয়া
নিশাৰ স্নিগ্ধতাত
খিৰিকীখন খুলি দেখিলো
এক অপৰূপ শোভা
সুদূৰৰ পাহাৰটোক
ছাই আৰু ধোৱাৰ মাজত বন্দী কৰি
শিখৰভেদি উঠি আহিছে জোন
যেন এনে লাগিছে পাহাৰৰ সিপাৰেই
জোনৰ ঘৰ, জিলমিল ৰূপালী হ্ৰদৰ মাজত
নিৰ্জন মায়াময় এই জোনালী নিশা
জোন আৰু জোনাক
সুদূৰৰ পৰা ভাহি আহিল
চিনাকি শাৰীৰ আঁচলখনৰ পৰা এটি ফুৰফুৰীয়া গোন্ধ
যেন ৰাগি লগা প্ৰেমৰ এক মিঠা শিহৰণ
জীৱনে ৰামধেনুৰ ৰং সানে
বুকুয়েদি বৈ যায় এখনি নৈ
উটি যায় আশাৰ পানচৈ…