“নিশাৰ নিস্তব্ধতাৰ লহৰে শব্দহীন হৈয়ো বহু কথা কয়…..” ৰাজীৱ তালুকদাৰ
নিস্তব্ধতাৰ কাৰেঙত কাহানিয়ো মৌনতা হেৰুৱাবলৈ নিবিচৰা মোৰ আবেগৰ বা লাগি প্ৰতিনিশাই চঞ্চল পচোৱা বয় , আৰু এবুকু সপোনে আশাবোৰ মেৰিয়াই মেৰিয়াই যেন ৰাংঢালী গাভৰু হয়। যেন এক দুৰন্ত হাবিয়াস পোহৰৰ বুকুত এন্ধাৰ সিঁচি সিঁচি নিশাৰ লাজৰ উমান বিচাৰি চোৱাৰ। নেলাগে মোক তেনে কোনো পৰিচয় অনাহকত নিজৰ বুকুতে নিজৰ অস্তিত্ব হেৰুৱাই আহত হ’বলৈ অথবা বিনাচৰ্তে তোমাক বিচাৰি তুমি হোৱাৰ চৰ্ত আঁকোৱালি ল’বলৈ। মই জানোঁ, পৃথিৱীৰ সততা কি! মই জানোঁ গছ-বন আৰু প্ৰকৃতিৰ আন্তৰিকতা কি!পিছে যে, নাজানিলো কেতিয়াও তুমি, তুমি হৈ পৰা অহমিকাৰ প্ৰয়োজনেই বা কি ! নাছিলা তুমি কেতিয়াও কোনোকালে বিশ্বাস অথবা আশ্বাসৰ প্ৰতিশ্ৰুতি! নাছিলা তুমি কেতিয়াও কোনোকালে প্ৰেম অথবা সুন্দৰৰ পূজাৰী! এক বোৱতী নৈৰ দৰে নিশাবোৰে অহৰহ এন্ধাৰ আৰু পোহৰৰ স্মৃতিবোৰ মাথোঁ কঢ়িয়াই লৈ ফুৰিছে, আকাশ অথবা জোন-তৰা হোৱাৰ ভ্ৰান্ত বলিয়ালি সেই স্মৃতিত সাঁচি ৰখা বুলি তুমি ভুলতো নাভাবিবা।নিশাৰ নিস্তব্ধতাৰ লহৰে শব্দহীন হৈয়ো বহু কথা কয়।জীৱনৰ সমাধিবোৰত লুকাই থকা পোৱা নোপোৱাৰ উকমুকনিৰ কাহিনী কোনেনো বাৰু বুজি পায়!কোনেনো বাৰু বুজি পায়!……💐💐💐