নিচামুক্ত ভাৰত অভিযান: এটি আলোকপা – নাছিৰ আহমেদ

নিচামুক্ত ভাৰত অভিযান: এটি আলোকপা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

সামাজিক ন্যায়বিচাৰ আৰু ক্ষমতায়ন মন্ত্ৰকৰ অধীনস্থ সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগ, ভাৰত চৰকাৰে নতুন দিল্লীত অনুষ্ঠিত এখন জৰুৰী সভাৰ প্ৰস্তাৱ অনুসৰি সমাজৰ পৰা মাদক দ্ৰব্য আৰু পদাৰ্থৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ২০২০ চনৰ ১৫ আগষ্টৰ পৰা দেশব্যাপি নিচামুক্ত ভাৰত অভিযানৰ (NMBA) শুভাৰম্ভ কৰে। ই এটি সমন্বিত আন্দোলন, যিয়ে মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সচেতনতা প্ৰস্তুত কৰে আৰু আসক্ত ব্যাক্তিসকলৰ পুনৰ্বাসনত সহায়ৰ হাত আগবঢ়ায়।

অভিযানৰ মূল লক্ষ্য আৰু কাৰ্য্যাৱলী:-

সচেতনতা বৃদ্ধি:-উচ্চশিক্ষা প্ৰতিষ্ঠান,যেনে-মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহৰ শিক্ষাৰ্থী সকলৰ মাজত মাদকৰ কুফল সম্পৰ্কে ব্যাপক সচেতনতা প্ৰচাৰ।

যুব আৰু নাৰী অংশগ্ৰহণ:- সমাজক মাদকমুক্ত কৰিবলৈ তৰুণ প্ৰজন্ম আৰু মহিলাসকলক এই অভিযানৰ সৈতে প্ৰত্যক্ষ ভাৱে যুক্ত কৰা।

চিকিৎসা আৰু পুনৰ্বাসন:- মাদকাসক্ত সকলক চিহ্নিত কৰি তেওঁলোকক পুনৰ্বাসনৰ ব্যৱস্থা কৰা।

প্ৰসাৰ:- প্ৰাথমিক পৰ্যায়ত দেশৰ সৰ্বাধিক সতৰ্কবাণী সঙ্কেত থকা ২৭২খন জিলাত এই প্ৰকল্প আৰম্ভ হ’লেও পৰৱৰ্তী ইয়াক ভাৰতৰ সমস্ত জিলাত সম্প্ৰসাৰণ কৰা হৈছে।

‘নিচামুক্ত ভাৰত অভিযান’ৰ অধীনত সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্ৰকৰ অধীনস্থ সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগ, ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ

সাধাৰণ পৰিষদে (UNGA) ১৯৮৭ চনৰ ৭ ডিচেম্বৰত লোৱা সিদ্ধান্তমৰ্মে পৃথিৱীৰ সকলো দেশে প্ৰতি বছৰে ২৬ জুন তাৰিখে উদযাপন কৰি অহা আন্তৰ্জাতিক মাদকবিৰোধী দিৱসৰ ( মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী) (International Day Against Drug and Illicit Trafficking) লগত সংগতি ৰাখি দেশব্যাপি সচেতনতা কাৰ্যক্ৰমৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰিবলৈ ২০২৫ চনৰ ২৬ জুন তাৰিখে এটি বিশেষ অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানটি অনুষ্ঠিত হয় ড° আম্বেদকাৰ আন্তৰ্জাতিক কেন্দ্ৰ, নতুন দিল্লীত। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্ৰকৰ কেন্দ্ৰীয় প্ৰতিমন্ত্ৰী শ্ৰী বি এল বাৰ্মা আৰু বিভাগীয় উৰ্ধতন বিষয়াসকল।

ইতিমধ্যে নিচামুক্ত ভাৰত এপ্লিকেচন প্ৰস্তুত কৰা হৈছে  ; যাৰ মাধ্যমত জিলা, ৰাজ্য আৰু জাতীয় স্তৰত ৰিয়েল-টাইম তথ্য উপস্থাপন সম্ভৱ হৈছে। একে লগে ওৱেবছাইটত আছে বিস্তাৰিত তথ্য ,অনলাইন আলোচনা ফৰাম, ড্যাছবোৰ্ড ও ই-প্লেজ ফিচাৰ। ‘ ড্ৰাগ ফ্ৰি’ থকাৰ প্ৰতিশ্ৰুতি লৈছে ১.৬৭ কোটিৰ বেছি শিক্ষাৰ্থী  ; যিবিলাকে ৯৯,৫৯৫টি শিক্ষাপ্ৰতিষ্ঠানৰ পৰা শপত গ্ৰহণত অংশ গ্ৰহণ কৰিছিল। নিয়মিত আয়োজিত হৈছে নানা কাৰ্যক্ৰম -যেনে ‘ নশে সে আজাদী’ নয়া ভাৰত, নিচামুক্ত ভাৰত আৰু এন এম বিএ- এনসিসি ইন্টাৰ একচন।

ভাৰত চৰকাৰ, সামাজিক আৰু আধ্যাত্মিক সংগঠন যেনে দ্য আৰ্ট ফৰ লিভিং, ব্ৰহ্ম কুমাৰী, ইছকন, ৰামচন্দ্ৰ মিছন ও অল ওৱাৰ্ল্ড গায়ত্ৰী পৰিয়ালৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে  ; যাতে এই অনুষ্ঠানবোৰে গণচেতনতা কাৰ্যক্ৰমত সহায়তা প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰিও দেশৰ সমস্ত ডি-এডিকচন চেন্টাৰক জিও- ট্যাগ কৰি সাধাৰণ জনগণৰ লগত যোগাযোগৰ ব্যৱস্থা সহজলভ্য কৰা হৈছে।

আন্তৰ্জাতিক মাদক দ্ৰব্য বিৰোধী দিৱস (International Day Against Drug and Illicit Trafficking) উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগৰ ( Social Justice and Empowerment) কেন্দ্ৰীয় মন্ত্ৰী মাননীয় ড° বীৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াৰ তত্বাৱধানত ২০২৬ চনৰ ১৭ জুনৰ পৰা মাদক দ্ৰব্যৰ বৰবিহৰ সৰ্বনাশী গ্ৰাসৰ পৰা দেশৰ কোটি কোটি জনতাক মুক্ত কৰাৰ বাবে আৰু ইয়াৰ অপব্যৱহাৰ সম্পৰ্কে লগতে অবৈধ সৰবৰাহ বিৰোধী অভিযান সফল কৰিবলৈ ‘নিচামুক্ত ভাৰত সপ্তাহ ‘ নিচামুক্ত ভাৰত অভিযান’ৰ অধীনত ‘নিচামুক্ত ভাৰত অভিযান,বিকশিত ভাৰত কি পেহচান ‘ এই প্ৰতিপাদ্যৰ আধাৰত গোৱা ৰাজ্যৰ পাঞ্জিমত শুভাৰম্ভ কৰে।

গোৱাত ‘ নিচামুক্ত ভাৰত অভিযানৰ (NMBA) মূল লক্ষ্য হ’ল, মাদকমুক্ত সমাজ গঢ়ি তোলা। এই অভিযানৰ অধীনত সচেতনতা বৃদ্ধি, শিক্ষাপ্ৰতিষ্ঠানত প্ৰচাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ পৰিচালনাৰ দৰে নানা কৰ্মসূচী লোৱা হৈছে। এই সংক্ৰান্তৰ সমস্ত গুৰুত্বপূৰ্ণ নিৰ্দেশিকা আৰু ৰিপোৰ্ট তলত উল্লেখ কৰা হ’ল :-

গোৱা জইনছ ন্যাশনাল মিছন (Goa Joins National Mission):-গোৱাত এই অভিযানৰ ৰূপৰেখা, উদ্বোধনী অনুষ্ঠান আৰু স্থানীয় কৰ্মসূচীৰ বিস্তৃত বিৱৰণ দিয়া আছে।

সচেতনতা কৰ্মসূচী ( Awareness Programme Saptah):-  মাদক দ্ৰব্য বিৰোধী আৰু অবৈধ সৰবৰাহ বিৰোধী সপ্তাহৰ জৰিয়তে মূলতঃ উচ্চ শিক্ষানুস্থান, যেনে- বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ কেম্পাছ আৰু সম্প্ৰদায়ভিত্তিক স্থানীয় জনগণৰ মাজত ইয়াৰ অপকাৰিতাৰ আৰু কু-প্ৰভাৱৰ বিষয়ে কাৰ্যক্ৰম পৰিচালনা কৰা হৈছে।

জাতীয় একচন প্ল্যান ( National Action Plan):- সামাজিক ন্যায়বিচাৰ আৰু ক্ষমতায়ন মন্ত্ৰকৰ অধীনত গোটেই দেশজুৰি মাদক দ্ৰব্যৰ চাহিদা হ্ৰাস আৰু প্ৰচাৰৰ বাবে প্ৰণীত মূল ৰূপৰেখা।

কেন্দ্ৰীয় নিৰ্দেশিকা প্ৰটোকল (Central Implementation Protocol):-ৰাজ্যভিত্তিক বাস্তবায়ন প্ৰক্ৰিয়া,এন এম বিএ- ড্যাছবোৰ্ড আৰু লক্ষ্যমাত্ৰা সংক্ৰান্ত তথ্য।

মুঠতে, গোৱা ৰাজ্যিক চৰকাৰৰ সহযোগিতাত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্ৰকৰ তত্বাৱধানত নিচামুক্ত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে ১৭ জুনৰ পৰা  সপ্তাহ জোৰা জনগণৰ মাজত বিভিন্ন কাৰ্যসূচী যেনে – জন জাগৰণ, সমদল যাত্ৰা, চিনেমা প্ৰদৰ্শনী , বেনাৰ, পোষ্টাৰ ,পুস্তিকা, বিভিন্ন প্ৰচাৰ কাৰ্য্যক্ৰম আৰু বিশেষকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাচীৰ পত্ৰিকা,কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, কবিতা,গল্প, প্ৰবন্ধ লিখা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হৈছে।

থুলমূল ভাৱে ‘ নিচামুক্ত ভাৰত অভিযান ‘ ৰ বিষয়ে আলোকপাত কৰা হ’ল।