নাৰী ধৰ্ষণৰ আঁৰত সমাজ দায়ী নে আইন দায়ী?-গায়ত্ৰী পূজাৰী

Pc- OPIndia

নাৰী ধৰ্ষণৰ আঁৰত সমাজ দায়ী নে আইন দায়ী?

নাৰী ধৰ্ষণৰ আঁৰত সমাজ দায়ী নে আইন দায়ী??এইটো এনে এটা প্ৰশ্ন যাৰ উত্তৰ কেতিয়াও একাষাৰে দিব নোৱাৰি।ই সদায় বিৰ্তকিত হৈয়ে আছে।মোৰ মতে সমাজ দায়ী কাৰণ আইন হৈছে সমাজ এখন সুচাৰুৰূপে পৰিচালনা কৰা এক ব্যৱস্থাহে।আইন ৰূপায়ণ কৰা ব্যক্তিসকলো বা আইনখন সুচাৰুৰূপে পৰিচালনা হৈছে নে নাই তদাৰক কৰা ব্যক্তিসকলও সমাজৰেই অংশ মাত্ৰ।কেৱল আইন পাচ কৰিলেই নহ’ব।তাক সঠিক ৰূপত ৰূপায়নো কৰিব লাগিব।অৰ্থাৎ কোনো ব্যক্তি যদি আইনৰ সুৰুঙাৰে সাৰি যায় তেতিয়া হ’লে তাৰ বাবে দায়ী সমাজ কাৰণ আমি যোগ্যজনক হয়টো আইন প্ৰণয়নৰ বা ৰক্ষাৰ দায়িত্ব দিব পৰা নাই।আইনৰ সুৰুঙাবোৰ অপৰাধীক উলিয়াই দিয়াজনো সমাজৰে এজন। ধৰ্ষণৰ দৰে অপৰাধ বৃদ্ধিৰ মূল কাৰণ হৈছে সমাজৰ দৃষ্টিভংগী।আমি সদায় ছোৱালীকহে কেৱল শাসন কৰো।পৰিয়ালৰ সন্মানৰ কথা কওঁ।কিয় ল’ৰাবোৰৰ লগত পৰিয়ালৰ সন্মান জড়িত হৈ নাথাকে নেকি?সন্তানক ল’ৰা বা ছোৱালী বুলি শিক্ষা নিদিব।তাঁহাতক আপোনাৰ সন্তান হিচাপে শিক্ষা দিব।ল’ৰাকো সিমানহে স্বাধীনতা দিব যিমান আপোনাৰ ছোৱালীজনীক দিব পাৰে।’সি ল’ৰা একো নহয়’ এনেধৰণৰ কথাৰে ল’ৰাবোৰক উৎসাহ নজনাব।দেখা যায় আমাৰ পৰিয়ালবোৰত সদায় ল’ৰা ছোৱালীৰ মাজত প্ৰভেদ আনে।যিয়ে সমাজলৈ অশনি সংকেত কঢ়িয়ায় আনিছে।কেৱল যে ল’ৰাবোৰহে বেয়া মই সেইটো কোৱা নাই আকৌ।ল’ৰাটোকও ছোৱালীজনীৰ দৰে সংবেদনশীল কৰি তোলক।ল’ৰাবোৰৰ বাবেও নিয়মৰ শিকলিডাল উলিয়াওক।যিডালে প্ৰতিপলে এজনী ছোৱালী,বোৱাৰীক বান্ধি ৰাখে কেৱল মহিলা হোৱাৰ বাবে।নিয়ম সকলোৰে বাবে একে।যেতিয়া আমি নিজৰ ল’ৰাটোক ভাল সংস্কাৰ দিম।তেতিয়া আমি এজনী ছোৱালীক এখন মুকলি আকাশ দিম।যত নাথাকিব পদে পদে লাঞ্ছিত হোৱাৰ যাতনা। যেতিয়া এনেধৰণৰ দুষ্কাৰ্য সংঘটিত হয় আমি আইনক দোষ দিওঁ।ছোৱালী জনীৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰো।আইনৰ সুৰুঙাৰ বাবে নহয় আমাৰ নিকৃষ্ট মানসিকতাৰ বাবেহে এনে কাৰ্য সংঘটিত হয়।নহ’লে জানো ৩/৪ বছৰীয়া দেৱশিশু বা ৫৯ বছৰীয়া বৃদ্ধাও এনে কামনাৰ বলি হয়নে?যাৰ লগত এনে ঘটনা সংঘটিত হয়।সেই ছোৱালী বা মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে।বহুত কমসংখ্যকেহে তেতিয়া তেওঁৰ পক্ষত থিয় দিয়ে।তথাকথিত বেনাৰ লৈ আন্দোলন কৰা সকলৰ কথা কোৱা নাই।প্ৰকৃতাৰ্থত কিন্তু সকলোৱে পীড়িতজনকে দোষী সজায়।যাৰবাবে বহুতে নিজৰ লগত হোৱা ৰ্দুব্যৱহাৰ নীৰবেই সহে লোকনিন্দাৰ ভয়ত।যাৰ সুযোগ নৰপিশাচবোৰে সদায় লৈ আহিছে। আমাৰ যদি মানসিকতাবোৰ ভাল হয় এনে অমানৱীয় ঘটনা সংঘটিতেই নহয়। তেতিয়া আইনক দোষ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টিয়ে নহয়।
শেষত কওঁ সমাজৰ সংশোধনীয়েহে এনে অমানৱীয় ঘটনাবোৰ ৰোধ কৰিব পাৰে।

গায়ত্ৰী পূজাৰী।
দেৰগাওঁ,গোলাঘাট