নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰৰ শীৰ্ষত অসম

Pc Morocco World News

নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰৰ শীৰ্ষত অসম

ৰঙিলী বাৰ্ত্তাসেৱা-  নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ একেৰাহে পাঁচ বছৰ শীৰ্ষত অসম। যোৱা বছৰ অসমত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৬৮.৩ শতাংশ।ই আছিল ৰাষ্ট্ৰীয় হাৰ ৬৪.৫ শতাংশতকৈ বহু বেছি।যোৱা বছৰ দিল্লী আছিল দ্বিতীয় স্থানত (১৪৭.৬শতাংশ)। উল্লেখযোগ্য যে অপৰাধৰ হাৰ প্ৰতি ১ লাখ জনসংখ্যাত হোৱা মুঠ অপৰাধৰ পৰা উলিওৱা হয়।২০১৭ চনত অসমত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩.৩ শতাংশ।২০১৮ চনত ১৬৬শতাংশ, ২০১৯ চনত ১৭৭ শতাংশ আৰু ২০২০ চনত ১৫৪.৩শতাংশ।ইফালে, নাৰীৰ বিৰুদ্ধে অপৰাধৰ মুঠ গোচৰৰ ৫২.৯ শতাংশৰহে অভিযোগনামা যোৱা বছৰ দাখিল কৰা হৈছিল।