নাহৰৰ বাগিছাৰ স্মৃতি….
নাহৰৰ বাগিছাত
আমিও এদিন
ৰু’বলৈ গৈছিলোঁ
নাহৰৰ পুলি।
টোপাল টোপাল
বৰষুণত তিতি
আমিও এদিন
ৰ’চিবলৈ শিকিছিলোঁ
সেউজী সপোন।
নিৰিবিলি নাহৰৰ
সুগন্ধি সুৱাসত
বিলীন হৈ গৈছিল
আমাৰ হৃদয়।
জী উঠিছিল
আমাৰ বুকুৰ উপত্যকাত
অদম্য হেঁপাহ..
এতিয়াও নাহৰ দেশৰ
স্মৃতিৰ পাপৰি
কঢ়িয়াই ফুঁৰিছো
হৃদয়ৰ একোণত।
…………………….
নন্দেশ্বৰ মিলি
