নাট্যকাৰ জ্যোতিপ্ৰসাদ আৰু তেওঁৰ নাটক সমূহ- মুন শৰ্মা

Pc Notun Puhor
 নাট্যকাৰ জ্যোতিপ্ৰসাদ আৰু তেওঁৰ নাটক সমূহ
অসমৰ জাতীয় জীৱনৰ এজন মহান ব্যক্তি,চিৰপূজনীয় অসমীয়া  প্ৰগতিশীল আৰু গণমুখী সাংস্কৃতিক চিন্তাৰে অসমত সংস্কৃতি, প্ৰগতি আৰু সংহতিৰ নতুন সূত্ৰ  দাঙি ধৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যি দৰে চলচিত্ৰ নিৰ্মাতা,সুৰকাৰ, গীতিকাৰ, ঔপন্যাসিক,কবি আৰু প্ৰৱন্ধকাৰ আছিল ঠিক তেনে দৰে এজন সফল নাট্যকাৰৰো আছিল।
তেখেতৰ ৰচিত নাটক সমূহ হ’ল …শোণিত কুঁৱৰী, খনিকৰ,কাৰেঙৰ লিগিৰী,ৰূপালীম, নিমাতী কইনা, সোণ পখিলী,লভিতা, কনকলতা আৰু সুন্দৰ কোঁৱৰ।
জ্যোতিপ্ৰসাদ দেৱৰ প্ৰথম নাট “শোণিত কুঁৱৰী”। যিখন তেখেতে ১৪ বছৰ বয়সতে ৰচনা কৰা। নাটক খন উষা, অনিৰুদ্ধ আৰু চিত্ৰলেখাক মূল চৰিত্ৰ হিচাপে থকা এক পৌৰাণিক কাহিনী আধাৰত ৰচিত। ইয়াৰ কাহিনীভাগ মাধৱ কন্দলী উষা, অনিৰুদ্ধ কাব্য গ্ৰন্থৰ লগত মিল আছে যদিও আগৰৱালাৰ দেৱে ইয়াত কাল্পনিক ৰহণ সানি সৃষ্টি কৰিছে। ইয়াৰ জৰিয়তে অসমীয়া লোকগীতে এক অন্য মাত্ৰা পোৱা দেখা যায়।
জ্যোতিপ্ৰসাদ দেৱৰ অন্য এখন নাটক হ’ল “কাৰেঙৰ লিগিৰী” বিলাতত(ইংলেণ্ড)থাকোতেই  লিখা  পশ্চিমীয়া নাট্য ৰীতিৰ কিছু প্ৰভাৱ থকা এই নাটক এখন চৰিত্ৰ প্ৰধান নাট।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৩৩-ৰ পৰা ৩৬বছৰৰ ভিতৰত লিখা ১৯১১ চনৰ নৱেল বঁটা বিজয়ী বেলজিয়ামৰ নাট্যকাৰ মৰিচ মেটাৰলিংকৰ “মন্নাভান্নাৰ” নাটকৰ প্ৰভাৱ থকা বা অনুসৰণ কৰি লিখা নাটক খনেই হ’ল “ৰূপালীম”,যি খন শোণিত কুঁৱৰী আৰু কাৰেঙৰ লিগিৰীৰ দৰেই ৰোমান্টিকধৰ্মী নাটক।
জ্যোতিপ্ৰসাদ দেৱৰ কাব্য আৰু ৰূপকৰ সমলে ভৰি থকা এখন নাটক হ’ল “নিমাতী কইনা” ইয়াৰ আন এটা নাম ৰূপ কোঁৱৰ। নিমাতী কইনা যদিও এখন  শিশু নাটিকা বুলি কোৱা হয় তথাপি বিষয় আৰু বৈচিত্ৰৰ ফালৰ পৰা ই এখন গীতিধর্মী নাটক।  ইয়াৰ কাহিনী ভাগ সাধু কথাৰ আলমত  ৰচিত হৈছে। ই এখন তেখেতৰ অসম্পূর্ণ নাটক।
নিমাতী কইনাৰ দৰেই জ্যোতিপ্ৰসাদ দেৱৰ আন এখন নাটক “সোণ পখিলী” নাটক খনো এখন কাব্য আৰু ৰূপকৰ আবেদন থকা নাটক। শিশু উপযোগী এই নাটক খনো তেখেতৰ  অসম্পূর্ণ নাটক।
জ্যোতিপ্ৰসাদ দেৱৰ ১৯৪৮চনত প্ৰকাশ পোৱা আৰু তেওঁ ৰচিত নাটক সমূহৰ ভিতৰত সকলোকৈ বেছি উল্লেখযোগ্য নাটক খন হ’ল লভিতা। ই এখন সামাজিক নাটক। ইয়াৰ জৰিয়তে তেখেতে স্বাধীনতা পূৰ্বৰ অসমৰ সুবিধাভোগী মধ্যবিত্ত আৰু সমাজ বিপ্লৱী শ্ৰেণীৰ দুটাৰ  চৰিত্ৰ সমূহ ফুটাই তুলিছে।
জ্যোতিপ্ৰসাদ দেৱৰ আন এখন অপ্ৰকাশিত নাটক হল “খনিকৰ”। শিল্প সাধনাত জীৱন উচৰ্গা কৰিব বিচৰা এজন যুৱকৰ কাহিনীৰে গঠিত এইখন নাটক। য’ত যুৱক জনৰ চৰিত্ৰৰ মাজেৰে আগৰৱলা দেৱ নিজেই প্ৰতিফলন হোৱা দেখা যায়। এইখন ১৯৩৪পৰা ১৯৪২ৰ ভিতৰত ৰচনা কৰা।
জ্যোতিপ্ৰসাদ দেৱৰ জীৱনৰ শেষৰখন নাটক আছিল “কনকলতা”। ই তেখেতৰ মৃত্যুৰ বাবে সম্পূৰ্ণ ৰূপ ল’ব নোৱাৰিলে। ইয়াত স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতাক তুলি ধৰিছে যদিও,তেখেতে ইয়াৰ জৰিয়তে বিহুৰ মাজেদি  অসমীয়াৰ কৃষ্টি সংস্কৃতি ও তুলি ধৰা দেখা যায়।
জ্যোতিপ্ৰসাদ দেৱৰ আৰু এখন নাটকৰ  নাম হ’ল সুন্দৰ কোঁৱৰ।ই এখন কাল্পনিক নাটক। ইয়াৰ কাহিনী ভাগ কাৰেঙৰ লিগিৰী নাটকৰ পাছৰ কাহিনী বুলি  ক’ব পাৰি। কাৰেঙৰ লিগিৰী নাটকৰ সেই সুন্দৰ কোঁৱৰ চৰিত্ৰটোৱে ইয়াত উপস্থাপন কৰা হৈছে।
 মুন শৰ্মা,
লখিমপুৰ